এতিয়া মই কি কৰিম
এনে প্ৰশ্ন বাৰে বাৰে মনলৈ আহে
যেতিয়াই মই অকলসৰে থাকো
একো কৰিবলৈ নাথাকিলেও
মই কিবা এটা কৰিব বিচাৰো।
এতিয়া মই কি কৰিম ?
মোৰ কৰিবলৈ বহুত আছে
কোনটো আগত নকৰিলে নহয়
কোনোটো পাচত কৰিলেও হয়
তেনে দোমোজাত মোৰ চাৰিওকাষে
থিয় দি থাকে সময়।
উগোল থুগুল মোৰ কৰ্ম স্পৃহা
মই নিয়াৰিকৈ কামখিনি কৰিব বিচাৰো।
এতিয়া কি কাম মই কৰিব পাৰিম ?
মই পাহৰি থকা কামবোৰ যেতিয়া মনত পৰে
কামখিনি কৰাৰো দায়িত্ব মইয়ে লৈছিলো
তেনেখিনি কাম কোনোবাই কৰিলে মই ভুল ধৰিছিলো।
নিজৰ ঋণাত্মক বোধ ধাকিবলৈ
আনৰ অসজ কামবোৰো কুটৎসা ৰচনা নকৰাকৈ
এতিয়া মই এটা যোগাত্মক কাম কৰিব বিচাৰিছো।
এই মুহুৰ্ত্তত তেনে কিছু কাম
মই বিচাৰি ফুৰিছো।