হয়তো আছিলা তুমি
জুইতকৈও ৰঙ্গা আৰু উজ্জ্বল
সূৰ্য্যৰ বুকুৰ
এমুঠি পোহৰ খহিল।
তুমি হলা অন্তৰ্দ্ধান
সৰি পৰিল নিভূত কক্ষত
পঞ্চভূতে বান্ধিলে আকৰ।
কালৰ মাজেদি
জন্ম হ'ল পুনৰ
তাতেই তোমাৰ জন্ম
গেলা অংশৰ গোন্ধত নে হেপাঁহত
তুমি সাঁতুৰি আহিলা
অন্ত বিচাৰি পালা
অনন্ত।
সপ্তদ্বীপ সাত সাগৰৰ
মাটিৰ মোহত নে
বগাবৰ হেঁপাহত•
কেঁচু কুমটিৰ দৰে বগাই বগাই
দুভৰিত থিয় হ'লা
ভাগৰত•
আকাশ দেখি ভয় খালা
নীলাবোৰ কি•
অজ্ঞাত কুকবানালেণ্ড
শোবাজ Îব্ৰষ্ট সিপাৰে
ৰজা চলমনৰ হীৰাৰ খনি!
আগ বাঢ়িলা সত্যতা বিচাৰি
নীলৰ মাজত পোতা
হীৰাৰ খনি পাবলৈ
জ্যামিতি বিজ্ঞানে দিলে মেপৰ চাহিদা
তোমাৰ প্ৰযুক্তি মৃত্যুৰ দৰে সত্য
আৰু তুমি মৃত্যুহীন।
কিন্তু মৃত্যুৰ দেশত তোমাৰ জন্ম।
তোমাৰ জন্মৰ হিচাব
ইতিহাসে ৰাখি আছে
অগণন তোমাৰ সেই জন্ম
তুমি কিন্তু মৃত্যুঞ্জয় বীৰ .....
নিজৰে মুৰৰ জোখ লৈ
ওজনৰ হিচাব কৰিলা
অনন্ত সময় গতিক
ৰথৰ চকৰি সাজি
তুমি আগুৱালা
আকাশৰ পিনে।
দিগন্ত বিস্তত লক্ষ ভেদি
তুমি জাপ মাৰিব পৰা হ'লা
দেৱ কুমাৰৰ দৰে
পৃথিৱীৰ পৰা আকাশলৈ
আকাশৰ পৰা পৃথিৱীলৈ।
এইবাৰ গ'লা
নীল সেউজৰ তথ্যবোৰ
আৰু জোনৰ মৰমী শহাটি
কোলাত তুমি লবলৈ।
তোমাৰ চকুত বিৰিঙিল
হাঁহিৰ চকুলো
কবিতা কবিতা লাগিল বতাহৰ গোন্ধ
মাটি খান্দি পোৱা
সোণ আৰু হীৰাৰ খনিবোৰ
বহু কম, দামী বাদামী বঙ্গৰ
মাৰ্কিন কাপোৰ যেন লাগিল।
কবৰ খান্দি খান্দি
লাওখোলা ভাঙ্গি বুটলি আনিলা
মগজুৰ স্তপ
তথাপিতো
তাৰেই দুৰ্গন্ধত
তুমি বিতত হ'লা
সেইবোৰ আওপুৰণি মৃত্যুৰ গোন্ধ
হেজাৰ জন্মৰ সাধু।
তুমি মাথো আগবাঢ়িলা
মৃত্যুৰ সাধু শুনি
পাৰ হৈ মহা শূণ্যৰ
এখনি দলং
স্ৰষ্টাৰ নিয়াৰিত সজা
দলংৰ এই পাৰে
পৃথিৱীৰ মৰাদেহ
সেই পাৰে
এখনি চহৰ
সজীৱ
তোমাৰ নিয়াৰিতে হ'ব দিয়া।
আকাশৰ যদি মৃত্যু হয়!
হলে হ'ব পাৰে পৃথিৱীৰো
আৰু তেতিয়াই
সেই মৃত্যু
আত্মহত্যা হ'ব পাৰে
ঈশ্বৰৰ বাবে।
ক্ল'নৰ ড্ৰেগনে যদি বাধ্য কৰাই
তোমাকে তোলে
পুনৰ ক্ৰুচত•
মানুহৰ ভয় নাই
ভয় নাই সেই মৃত্যুলৈ
অনন্ত শূণ্যত
আৰু বহুত মৃত্যু আৰু
শূণ্যৰ সমাপ্তিত
মানুহ, তুমি মৃত্যুঞ্জয়ী হৈ থাকিবা।