সংজ্ঞা বিচাৰি নাচাও, সুখ বা দুখৰ
মানৱতাৰ বা নৃশংসতাৰ
ধৈৰ্য্যৰ বা সৌন্দৰ্য্যৰ
সূত্ৰ নিবিচাৰো মই প্ৰেমৰ
বিচাৰি নাচাও মই সম্বন্ধৰ
পিতা-মাতা, ভাতৃ-ভগ্নী বা সুহৃদ জনৰ।
আপোনজন কেনেকৈ হেৰাই যায়
ক'ত কেতিয়া কেণা লাগে
কিমান গভীৰ, বিশ্লেষণ আৰু সেই সংজ্ঞাবোৰ
যাৰ কোনোধৰ্ম সত্য নাই
সত্যনো কি, অসত্যনো ক'ত•
প্ৰথমে কোন• ধূলিকণা নে ঈশ্বৰ কণা
ডাক্তৰে কৰা পূজা, বিজ্ঞানীৰ ধৰ্মাচাৰণ
ডাইনী সজোৱা তথ্য যেন সৰ্পনিধন।
সমাজত চলি আছে ধাৰাষাৰে
হাজাৰটা সংজ্ঞা নোহোৱা বাৰ্ত্তা
তৃপ্তি, পুষ্টিহীন খাদ্যৰ আস্বাদ
মই বিচৰা নাই তেনে প্ৰজ্ঞাৰ মাদকতা।