ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
ভাল কাম
কৰ্মই ধৰ্ম বোলা কথাষাৰ সত্য
জীৱিকাৰ বাবে কৰ্ম অপৰিহাৰ্য্য
পেত ভৰাবলৈ কৰ্ম লাগিবই
কৰ্মৰ লগত উদ্দেশ্য আৰু তাৰ ফল আহিবই।
ব্যয়াকৰণৰ সকলো ক্ৰিয়া পদেই কৰ্ম
কোনোবাটো ভাল, কোনোবাটো বেয়া
ভাল কৰ্মৰ লগত ভাগ্য আৰু ফলো ভাল
সকলোৰে সমাদৰ থাকে
আৰু আটাইতকৈ ভাল কথা
নিজৰেই সন্তুষ্টি আৰু গৰ্ববোধ জিলিকি উঠে
কৰ্মস্পৃহা বঢ়াই তোলে।