মোৰ মন,
এক গহীন শ্মশান কানন
আবেগ আৰু এটা ক্ষণিকৰ বৃত্ত
তাতে চিঙি জহি যায় প্ৰতিদিনে
শাৰি শাৰি মৃতক হৈ ভাহি ফুৰে
পুৱা বা আবেলিৰ সময়বোৰৰ দৰে
মৰহি যায়, বিয়পি পৰা বিকিৰণ
বা সাতোৰঙী আকাশৰ ৰং।
তৰাবোৰ ভাল লাগে
মনে মোৰ ভাল পায়, জিকমিকনি
ভাল লগা হৈ পৰে উচ্ছৰ্গা বা সমৰ্পন।
শৰীৰৰ প্ৰতিটো অংগত সুখৰ সঞ্চালন
সুখৰ আধাৰ ক্ষণিকতে চুৰমাৰ কৰি
আনি তুলি ধৰে
মোৰ ঘৰতেই য'ত, সসাগৰা আহুকাল।
শৌৰ্য্য বীৰ্যৰ বিভিষিকা
অক্ষম অহিংসাৰ বাবে আষ্ফালন
কল্লোল, কোলাহল দিয়া লোৱাৰ
আবেগৰ বাণিজ্য
য'তি বিহিন গতিৰ কণিকাৰ দৰে
ভাহি ফুৰা বৃত্তই পুনৰ সজাই তোলে
ক্ষণিকতে শেষ হোৱা সাতৰঙী ৰামধেনুবোৰ
প্ৰতিটো ক্ষণতে মোৰ মন আকৌ ওফন্দি পৰে
মহাসাগৰৰ ডাৱৰ হৈ উৰি আহে
প্ৰতিদিনে আকৌ আহে ঘুৰি
মোৰ মাজতে যেন পায়
আশ্ৰয় আনন্দময়।
পানীত উঠা বুৰবুৰনিৰ দৰে
এই উঠে এই মাৰ যায়
সাগৰৰ ঢৌ বোৰে উঠি আহে
বাৰে বাৰে যেন মোৰ মনতেই মাৰ যায়
প্ৰতিদিনে শাৰি শাৰিকৈ
মোৰ আত্মা আৰু মোৰ ভগৱান, সকলো
জহি খহি যায়
মনৰ গতিবেগ ভাঙি
মোৰ মগজুতে জিৰণি লয়
ময়ো পাও, যেন
মোৰ মনৰ সেই শেষ আশ্ৰয়
আনন্দময়।