Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি

জীৱন চক্ৰ

প্ৰকৃতিয়ে সাম্যবাদ মানি চলা নাই
সকলোকে সমভাবে স্বাচ্ছন্দ্য বিতৰণ কৰা নাই।
প্ৰকৃতিৰ নিজৰ আছে অপৰ্য্যপ্ত সম্ভাৰ
সকলোৰে বাবে খাদ্য আৰু খাদ্যৰ শৃংখল।
য'তেই যত দৰকাৰ, বায়ুপানী পঞ্চভূতৰ
প্ৰকৃতিয়ে নিজে কঢ়িয়াই অনা নিয়া কৰে
কেতিয়াবা অলক্ষিতে, লাহে লাহে
কেতিয়াবা দুব্বাৰ গতিত
সকলো সক্ষম জীৱৰ দেহত দি যায়
সুপুষ্টিৰ মৌলিক সমল।
 
কেতিয়াবা হ'ব পাৰে সকলো জীৱৰ বাবে হঠকাৰি
যুগ যুগান্তৰৰ মহাপ্ৰলয়
পৰ্বত পাহাৰ চুৰমাৰ কৰি দিব পাৰে নিমিষতে।
পৃথিৱীৰ গৰ্ভৰ পৰা অগ্নি উদগীৰন কৰিব পাৰে
নিমিষতে, তথাপিতো শান্ত।
 
শান্তিৰ অৱস্থান নীতি প্ৰকৃতিয়ে বন্ধা আছে
যেন কোনোৱে প্ৰকৃতিৰ সংবিধান
উলংঘা কৰিব নোৱাৰে
কোনো গ্ৰহ-নক্ষত্ৰয়ো।
নিজৰ আমোঘ দূৰত্ব বজাই ৰাখিহে
বিচৰণ কৰিব পাৰে নিজৰ গতিত।
আমাৰ অস্তিত্বও বন্ধা আছে আমাৰ জীৱন চক্ৰত।
সাগৰৰ তলিত থকা বালিচাহিটো
আকাশত উৰি ফুৰা ভাইৰাচবোৰ
সকলোকে বান্ধি লয় প্ৰকৃতিয়ে
নিজৰ বুকুতে ভিন ভিন জীৱন চক্ৰত। 
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +