Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি

তৃপ্তি আৰু নৃশংসতা

মাছ ধৰি খাবলৈ কিমান ফন্দি
কিমান চতুৰ আহিলা
গাহৰিৰ মাংসৰ বাবে কিমান নৃশংসতা
পুৰঠ, মূৰ্গীৰ জীৱনটোৰ গেৰান্টি কিমান ?
কুৰ্বানি, হালাল, বলীৰ মাহাত্ম্য কিমান নিষ্ঠুৰ ?
 
মাংসহাৰি জন্তুৱে খাবৰ বাবে জন্তু মাৰে
জন্তু মাৰি মানুহে খায়, বেচে আনকো খুৱায়।
মাছ দেখি বহুতৰ জীভাত ৰস ওলাই
মাংস দেখি বহুতৰে দাঁতে কুট কুটাই।
 
য'ত তেজ আৰু মঙহৰ লিপ্সা থাকে।
তাতেই অথন্তৰ হোৱাৰ স্থল থাকে।
হে মোৰ সতীৰ্থ সকল
নিৰামিষভোজী হোৱাৰ আদৰ্শ লোৱা
তৃপ্তিৰ বাবে হোৱা নৃশংসতা বৰ্জন কৰা।
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +