ৰামধেনুত যিমান ৰং
সিমান ৰং ভাল পাওঁ মই
ফাকুৱাৰ দিনা আবিৰ মিহলাই পাওঁচোন
নতুন ৰঙৰ মিশ্ৰন।
ৰঙা নীলা ইত্যাদি সাতোটা ৰং
আৰু আছে দুটা ৰং চকুৰে নেদেখি
অতি ৰঙা অতি বেঙ্গুনীয়া
প্ৰিজমত ভাঙ্গি লোৱা সুৰুঙাৰ বগা ৰ'দ কণ
তাতেই থাকে ন টা ৰঙ
দুটা ৰং চকুৰে নেদেখি।
ভালপাওঁ মই তেনে বহু ৰং
উল্লাষিত হওঁ নিজে নিজে নিজৰ মাজত
ফাগুনত জিলিকি থকা পলাশৰ ৰং
ফাকুৱাৰ দিনা খেলা ৰং, আবিৰ
ফাকুৰ দহন।
আৰু নানাৰঙ্গী বোলেৰে উজলাই ৰখা
কিতাপৰ বেটুপাতবোৰ
যেন তেনেকৈয়ে নৃত্য পটিয়সিৰ
থউকি বাথৌ অঙ্গ সঞ্চালন
আৰু তিৰবিৰোৱা ৰঙ্গীন অঙ্গবসন।