কাৰোবালৈ মনত পৰিলে
সৰু সৰু কথাবোৰ বৰ মনলৈ আহে
তেওঁক মই পাহৰি পেলাইছো, কাৰণ তেওঁ আৰু নাই।
তেওঁৰ সৈতে মোৰো সৰু সৰু কথাবোৰ, মইতো পাহৰা নাই
মই তেওঁ হৈ মোৰে কথা পাতিছো
মোৰ খুটি নাটি তেওঁৰ স'তে মই অকপতে স্বীকাৰ কৰিছো
এয়া সত্য, মগজুত জমা থকা
সৰু সৰু কথাবোৰো কেতিয়াবা জ্বলি উঠে
অঙ্গঠাৰ জুইৰ দৰে !
এবাৰ দুবাৰ নহয়, বহুবাৰ জ্বলি উঠে সপোনতো
সেয়ে তেওঁৰ সৈতে যোৰা সৰু সৰু কথাবোৰো মইতো পাহৰা নাই।