এজুৰি কাজল সনা চকুৰ দৃষ্টিত
সৃষ্টি-ৰহস্যৰে ভৰা কজলা ৰং,
লুকাই-লুকাই প্ৰতিস্ফলিত হৈ
সাগৰ, পব্বত, আকাশৰ বুকুৰ পৰা
কথা-পাতি পাতি জন্ম আৰু মৃত্যুৰে
সৰীসৃপৰ দৰে বগাই আহে
ধবলগিৰীৰ পৰা অন্তগিৰীলৈ
গঙ্গা-যমুনোত্ৰীৰ পৰা বৈতৰণীলৈ
উল্কাৰ বেগেৰে বেগি
গতি তাৰ উন্মাদ-চঞ্চল,
সীমিত তথাপি ৰুদ্ধ কৰাৰ দৰে।
উদ্ভিদ, অবাক, স্বয়ম্ভূত
সৃষ্টি, স্থিতি ক্ষয়
জন্ম, জীৱন, মৃত্যু
সংজ্ঞাবিহীন
অনন্ত প্ৰমাদৰ স্থল।
(আত্মা সত্যঃ লৌকীক অহা যোৱা)
অলপ পোহৰ, অলপ আন্ধাৰ
দিন আৰু নিশাৰ
উজাগৰী দৃষ্টিত
সৃষ্টিৰ বিমুৰ্ষিতা সহ্য নহয়।
পোহৰ হয়তো আতাৰি পলায়
আগবাঢ়ি আহে,
বিভিষিকা
জীৱনৰ গতিৰ চন্দত।
বোধ্য চেতনাৰ অবোধ কণ্ঠৰাগ- ফুটে যেন
দৃষ্টিৰ নিভৃত কক্ষত সৰিসৃপ।
বগাই আহে , উৰণীয়া সাপ
উৰা মাৰে
জীৱন আৰু ৰকেটৰ আগে আগে,
বিষক্ৰিয়াৰ ঢৌৰ কঁপনিত
নয়ন মণিটি কঁপে।
জ্বালা আৰু যন্ত্ৰণাত
খহি পৰে দৃষ্টি।
আকাশ নামি আহে , শুই পৰে দিগন্তত।
দৃষ্টি সীমিত হয়
পাৰ্থিব সমস্যাৰ বোজাৰে গতি কৰে নতুন কক্ষত
বিশ্ব বিয়াপি জ্বলে,
দৃষ্টিৰ দিপশিখা।
জ্ঞান আৰু বুদ্ধিৰ ছাঁ পৰে আকাশত।
প্ৰেমৰ পোহৰত ধৰাপৰে মাথো
পৃথিৱীৰ প্ৰেম...।
আকাশ মুখৰ কজলা ৰঙ্গ
আজলী চকুত বিৰহী হৈ
চিঠি লিথে ৰামধেনুৰ
প্ৰিয়া
তোমাৰ চকুজুৰী ইমান ধুনীয়া
মনোৰম
আকাশৰ নীলা খিনি
নীলাৰঙ্গী চাদৰ এখন যেন,
যেন যাচে স্বত্ত¦ফুৰ্ত্ত শান্তিৰ
এখনি নীল হৃদয়ৰ
উপহাৰ এটি যেন, এটি নীল প½।
মধুৰ স্মৃতিত যাৰ
তাজমহল গঢ়লোৱা নাই
ভক্তিভৰা, মৃত্যু বিহীন
এটি নীলপদ্ম।
ক্ৰশ্চেভ, জৱাহৰ আৰু কেনেভীৰ
শান্তিৰ আশ্বাস
আকাশ মুখৰ নীলাৰ লগত খেলা
কণ কণ মইনা যেন
যেন সিহঁতৰ গেচিয় বেলুন
নিৰ্লিপ্ত হৈ গ'ল নীলাৰ মাজত।
জপিয়াই পৰে সেউজী ধৰাত
নীল সেউজীৰ মিলন ঘটাই
কৃষক বনুৱা
পাগল হয়।
উত্ৰাৱল মনৰ স্বৰূপ দেখি
মুগ্দ্ধ সিহঁত।
নীল সেউজৰ মূক জেউতি
ধৰাৰ বুকুত জিলিকি পৰে
সিহঁত জিলিকি উঠে।
সিহঁত শান্তঃ সিহঁত মুক্ত
সিহঁতে সিহঁতক বুজে
লাখপতিৰ কৰাল গ্ৰাসত
ভূহীন হোৱা পতিত সিহঁত।
সিহঁতে বুজে পতিতৰ ভাষা
মুক্ত নম্ৰ তেজৰ টান
ঘৰবাৰী হীন
মুক্তি পথৰ সন্ধানীৰ দল।
জন্ম মৃত্যুৰ প্ৰহেলিকাত,
দৈত্য দানৱ মহা
ধ্ৰুম্ৰকাল আৰু বহুতো অসুৰ,
জাকে জাকে আহি,
মহাত্মা, মাৰ্টিন লুথাৰ কিং
আৰু পেত্ৰিচ লুমুম্বাক
চায়দানত চালি দিলে।
ধোঁৱাবোৰ -
মানৱতাবাদৰ তথ্যবোৰ
আকাশৰ লগত মিলি গ'ল।
নীলা চাদৰৰ আচল কপায়
মুখ তিপি তিপি
আকাশে হাঁহিলে কূটিল হাঁহি
যেন -
ঘোৰ নীলা ‘‘তক্ষত''ৰ জীহবাদ্ৰত বিৰিঙ্গল
জুই ...¯
জুই মাথো চাৰিওফালে
খাণ্ডব দাহন সৰ্পিল জুই
বগাই ঘুৰে আকাশত
পোহৰ চিটিকি পৰে -
ফিৰিঙ্গতিবোৰ হয় এঙ্গাৰৰ দৰে
ৰাতি ক'লা হৈ পৰে -
এঙ্গাৰবোৰ হয় হীৰা বা মুকুতা
ক্ৰয় বিক্ৰয় চলে নিবিড় গতিত
প্ৰখ্যাত চহৰৰ কুখ্যাত গলিৰ মাজতে
সেমেকা মৃত্যু আৰু
জাৰজ জন্মৰ দৰে কিনা বেচা।
দেহ বা যৌৱনৰ
কৃষžকায়ী হয় অৰ্দ্ধাঙ্গিনী
বহুতৰ
প্ৰেম নিবেদন হয় কেৱল এৰাতিৰ বাবে।
এৰাতিৰ বাবে মাথো জীৱনৰ হাবিয়াস,
জ্বলি জ্বলি সৰে উন্নত বক্ষত
পতিত হয় -
কৃষžচূড়াৰ পাহীবোৰ।
এটি অৱশেষ পৰি ৰয়
সুনীল আকাশ ক'লা হৈ পৰে।
শাওন কেছা বাউলি বতাহৰ
স্নিগ্দ্ধ গোন্ধ -
নেওঁচি ভূত আৰ ভৱিষ্যত
আহে আগুৱাই
কেঁচা কেঁচা গোন্ধ তাৰ
কৰ্ম্মঠ আৰু সতেজ
উতলা মনৰ পাহে পাহে
আছ টানে সেউজ ৰঙ্গৰ
তাৰেই আশাত
মৰণ খেদি খেদি
কপালৰ ঘামে ভৰি টিয়াই
অনুব্বৰ মাটি
তেজৰ ঢলেৰে আৰু
ভৰ দুপৰীয়া সাত সুৰুজৰ তাপেৰে
সোণ সাৰুৱা কৰে।
আকাশত থাকে
দেৱকুমাৰ
চাই চাই
সেউজ পৃথিৱীখন।
সিহঁতৰ চকুত বাৰিষাৰ বান
অন্তৰ তথাপি নহয় হীন
দম্ভ দ্বেস্য বুজুও নবুজে
মৰণলৈ ভয় আছে ,
জীৱনৰ মোহ কিন্তু বৰ বেছি নাই।
অনন্ত পথৰ যাত্ৰী
তীৰ্থ নহয় যাত্ৰাৰ শেষ
মৃত্যুৱে নহয় আত্মাৰ শেষ
মৃত্যুৰ গীত শুনি শুনি
সিহঁতৰ যাত্ৰাৰ শেষত
মুক্তি
তাক পাবলৈ
কোন, ক'ত কেনি আহি
লগ ল'লে সিহঁতৰ
কোনে আখ্যা দিলে
মৃত্যু আৰু জন্মৰ।
এইবোৰ মাথো সাধুকথা
সিহঁতৰ বাবে
ভুতৰ সাধুও ভাল।
তেত্ৰিছ কৌটি দেৱতা
হয়তো সঁচা হ'ব পাৰে।
আত্মা আৰু দেহৰ সম্বন্ধ
অনুভূতি হ'ব পাৰে
নিভৃত কোণত থকা বালিচাহিটি ও
বিৰাট আত্মাৰ দেহ
হ'ব পাৰে।
নীলিম শীতল অলপ আকাশ
সেউজ পৃথিৱী হ'ব পাৰে
সৃষ্টিৰ হুতাহ¯
পঞ্চভূত আৰু অনুভূতিৰ।
আবেলি বেলিয়ে ওপচাই দিয়ে
আকাশৰ ভৰা কেঁাচ
জিলিকি জিলিকি উঠে,
সোণৰ হালধীয়া খিনিৰ উজ্জ্বলতা
তাৰেই লোভত
মহা শূণ্যৰ বুকুত মানুহে বিচাৰে
পাৰ্থিব ধাতু।
[মানুহক লাগে হালধীয়া ধাতু]
হুতাহত খান্দে সোণৰূপী চেকা
অনন্ত গৰ্ভত থকা আকাশৰ তেজ
আৰু তেজৰ কৰাল লগা
হাৰ মুৰবোৰ।
তথাপি খান্দিব আকাশৰ বুকু
চেকা খান্দোতে যাদি পায়,
হীৰাৰ টুকুৰা এটি গ্ৰহ¯
সেই হীৰা বা আনিব কোনে•
সোণ আৰু হীৰাৰ ৰশ্মীয়ে যদি
চকুত চাত মাৰি ধৰে।
ডকাইতৰ দৃষ্টিত
মুচ্ছা যায় যদি এটা ঈশ্বৰ¯
যদি যাচি দিয়ে যথা সৰ্বচ্ছ•
কেপ্তেইনৰ যদি মৃত্যু হয়,
দায়ী হ'ব কোন•
যাত্ৰা নে যাত্ৰী
মানুহ নে ৰকেটৰ গতি•
ভয় নাই মানুহৰ
মৰণক আগ কৰি জীৱনৰ
আকাশৰ চেকা
সিহঁতক লাগে, হালধীয়া আশা
ঐশ্বৰ্য্য বিভূতি।
কাহিলি পুৱাতে দেখিলো এখনি মুখ,
কমলা ৰঙ্গী এযুৰি ওঠ।
দৃষ্টি য'ত মিঠা মিঠা লাগে
সোৱাদৰ অতুল আকৰ্ষণ
সাত বছৰীয়া শিশুটিৰ বাবে
লজেঞ্জ এটি যেন¯
মিঠা সোৱাদৰ স্তুপ।
মাঠো সাতোটি বছৰ
পদছায়াত তাৰ
তুমি আৰু মই।
তুমি আকাশ
মই পৃথিৱী।
তুমি নীলা, মই সেউজ কজলা
আৰু সাতবছৰীয়া
এই সাতোটি বৰণ
তুমি মায়া
মই মোহ।
তাতেই জীয়াই থক সাত পৰিয়াল।
সাত সাগৰ, সপ্তদ্বীপ আৰু সাতোটি দিনৰ
লেখ জোখ নাই
মাপ কাঠি নাই
শিল্পীৰ সাতোটি সুৰ বন্ধ হয়
সাত বছৰীয়া হয়, সাতোটি বৰণ
এয়েতো সুযোগ,
এয়েতো সময়।
সপ্তৰ্ষি থাকে য'ত
তাতোবা থাকিব পাৰে
মনালিচাৰ এখনি মুখ
কমলাৰঙ্গী এযুৰি ওঠ!
তেজৰ টোপালবোৰ
বৰষুণ হৈ সৰিছিল আকাশৰ পৰা
দেবাসুৰৰ যুদ্ধৰ দিনা
নৈ হৈ ব'ইছিল মানুহৰ তেজ।
আইকমেন-
হয়তো অসুৰেই আছিল।
নৰখাদক পিশাচৰ দলবোৰ
দেৱতাৰ তেজ দেখি
হয়তো পলাল, পলাল ঈশ্বৰ আৰু মানৱতা
সেই তেজেৰে ধুই নিকা কৰা
এখন ৰঙ্গা দলিচাৰে
মহাত্মা গান্ধী, জনভিবিৰ দৰে
মুৰ্ত্তি গঢ়ি গঢ়ি
খেলত বহিল পুনৰ
ৰক্ত পিপাসু
জুৱাৰীৰ দল।
তেজৰ সম্বন্ধ নিশ্চয় আছিল
সিহঁতৰ জন্ম আৰু জীৱনৰ মাথো
অনুভৱ হয়তো আছিল
পৃথিৱীৰ বাবে
আকাশৰ তেজবোৰ
গীত হৈ পৰা দেখিছিল
হয়তো কেৱল সিহঁতৰ বাবে
বিভিষিকা বোৰ জন্মেজয়
হ'লে হ'ব পাৰে
পৰালি নপৰা এটি খেলৰ দৰে।
এই খেল মান্দোদৰীৰ নে ৰাৱণৰ
মৃত্যুৰ নে জীৱনৰ
ডাৰউইন তোমাৰ সাধু
জন্মৰ নে মৃত্যুৰ
মানুহৰ নে কঙ্কালৰ মাথো•
মালথাচৰ থিওৰিৰে
পৃথিৱী গধূৰ হোৱা নাই
মানুহৰ ধমনিত বিদু্যতৰ চমক
লগা নাই , নিকোলা টেচলা
তোমাৰ সূত্ৰৰে।
প্ৰগলভ মাথোন
সকলোটি যেন
এটি এটি তৰা
এথুপি তৰাৰে ফুল
ফুলে বা শুকায়
থাকে মাথো অনাদি অনন্ত কাল
এখন আকাশ।
ভাল পাও তাকে
পৃথিৱীৰ তুমি আৰু মই
থৰ লাগি ভাল পাওঁ
সীমাহীন অনন্ত আকাশ
নাই য'ত
দেশী প্ৰাদেশীক সীমাৰ হতাস
আৰু মানুহৰ তেজৰ পিয়াহ
সোণৰ মূল্যও নাই য'ত।