(১)
মোৰ দৰে মানুহৰ কোনো উপৰি পুৰুষে
ঘন জংঘলৰ গুহা গাঁতৰ পৰা ওলাই আহিছিল।
দুৰ্বল দেহৰ বাবে
গছৰ ডালত বা নদীৰ তীৰত
দি গ'ল অচিলা আহিলা
ভৱিষ্যত প্ৰজন্মই খাই বৈ জীয়াই থকাৰ বাবে।
এতিয়ালৈ মানুহ আহি পালেহি
উচ্ছ, সু-উচ্ছ চহৰ ঘনে ঘনে গঢ়ি ল'লে
তৃতীয় তৰঙ্গৰ সভ্যতা,
আৰু আধুনিক ব্যস্ততাৰ বাবে,
আমি এৰি আহিলো আমাৰ লগতে থকা
সৰিসৃপ, চতুস্পদি, বিহঙ্গ বিলাকক
একমাত্ৰ কাৰণ সিহঁতে কাপোৰ পিন্ধিব নিশিকিলে
মাথো সবল শৰীৰৰ গইনা লৈ আঁতৰি থাকিল।
সিহঁতবোৰ কঠিন, নোমাল ছালেৰে আবৃত
আৰু আছিল
জোঙ্গল দাঁত আৰু তীক্ষ্ন নখৰ সমাহাৰ।
মোৰ দৰে মানুহৰো সহ্য নহ'ল সিহঁতক।
সিহঁতক কাটি মাৰি খোৱাৰ ব্যৱস্থাও কৰা হ'ল।
হাবিবোৰ, সিহঁতৰ থকা ঠাইবোৰ উেচ্ছদ কৰা হ'ল
কেইটামানক ধৰি বান্ধি সংৰক্ষণ কৰা হ'ল
পোহনিয়া কৰি সিহঁতৰ মাংস
সিহঁতৰ দাঁত, শিং, নখৰ বেপাৰ গঢ়া হ'ল।
হাবিবোৰ উজাৰি গছবোৰ উভালি দিয়া হ'ল।
খেতিৰ মাটিত আকাশীযানৰ বন্দৰ সজা হ'ল।
আৰু এতিয়া আমাৰে কোনোবা প্ৰজন্ম
উৰিবলৈ সাজু গ্ৰহ গ্ৰহান্তৰলৈ
পৃথিৱীত থকা সকলো আহিলা আচিলা
শেষ হৈ পৰাৰ আগতে এদিন যাবই লাগিব
এয়ে অৱদান মানুহে মানুহৰ প্ৰতি ...
(২)
মোৰ দৰে কিছুমান চতুৰ মানুহে
নিজকে উত্তৰ পুৰুষৰ ত্ৰাণ কৰ্ত্তা সজাইছে।
চকুৰ পচাৰতে ঘটি ঘটি আছে অগাধ সম্পত্তি
সম্পত্তিৰ জালত ওলমি, মকৰাৰ দৰে সেই জালতে
গাঠি গাঠি যাব মসৃণ জাল।
শ্বেতকায় উজ্জ্বল, স্বচ্ছল জীৱন
সুন্দৰী আৰু আন পণ্যৰ বেহা লৈ
বেৰি লৈ গোটেই পৃথিৱী বিচৰণ কৰিছে।
মই জানো, মোৰদৰে চতুৰ মানুহবোৰে জানে
কিমান গভীৰ পৃথিৱীৰ মধ্যবিন্দু
তাতেই সকলো শক্তিৰ ভৰ।
বাচি বাচি নিজৰ অঙ্গহি বঙ্গহিক
নিজৰ লগত ৰাখি
বাকি সকলোকে যাবলৈ কয়, গৈ থাকা, গৈ থাকা
সিহঁতবোৰ সকলো ধাৱমান
পৃথিৱীৰ মধ্যবিন্দুলৈ
শক্তিৰ ভৰ হৈ
মাউখে মৰা পৰুৱাৰ দৰে গৈ আছে,
অবাৰিত গতিত তললৈ আৰু তললৈ।
মই সপ্তপৰ্নে বিদ্যমান
এটা নিব্বাক, নিৰ্মোহ পদাৰ্থৰ দৰে
যাতে আমাৰ উত্তৰ পুৰুষে উপভোগ কৰিব পাৰে
‘যোগ্য ভোগ্য বসুন্ধৰা'
কেৱল উপভোগৰ বাবে
লেখ নোহোৱা সম্পত্তিৰ জালবোৰ।