Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি

মই মজদুৰ মই শ্ৰমিক

মই মজদুৰ, মই কৰ্ম্মি
মজদুৰিৰ বাবে মই কাম কৰো
কৰ্মই মোৰ জীৱিকা মাত্ৰ
ধৰ্ম বা নিমিত্ত নহয়
শাৰিৰীক সুখ বৰ্জিত নহয়
সুখ স্বাচ্ছন্দ্য লভিবৰ বাবে
অতিৰিক্ত মজুৰি সদায় লাগে।
অতিৰিক্ত মজুৰি দিবপৰা জনৰ
মই ভৃত্য, অনুগত হওঁ
মজুৰি জোখেৰে মই কাম কৰো
কেৱল মজুৰিৰ বাবে।
মই মানুহ যুগ যুগ ধৰি
দুবাহুত বল আছে, কৰ্ম সম্পাদনাৰ বাবে
মোৰ অধিকাৰ আছে।
ভালদৰে খোৱা পিন্ধা থকাৰ
শিক্ষা দিক্ষা আৰু মানুহৰ বাবে থাকিব লগা
আচুতীয়া সংগোপন ব্যৱস্থাৰ।
কৰ্ম্মি মৌ মাখিৰ দৰে মোৰ প্ৰাপ্য।
 
এখন সমাজৰ
হিংসা শোষণ বৰ্জিত
সমভাবে বৰ্ত্তি থকাৰ বাবে
সমস্ত সাধাৰণ মানৱ অধিকাৰ।
শাৰিৰীক, মানসিক আৰু নিস্পেষিত  নহবৰ বাবে
মোৰ আছে আজন্ম মানৱ অধিকাৰ...।
মই শ্ৰমিক কম্মী
চিন্তাবিদ হোৱাৰ অৰ্হতা নাই
কাৰ্লমাস্ক, লেনিনবাদ পঢ়া নাই
আজাতিক শ্ৰম সন্থাৰ চনদো পঢ়া নাই
মোটা মুনাফা বুটলি ফুৰা
কোনো সদস্যক মই চিনি পোৱা নাই
তেওঁলোক সকলো ভাল হ'ব পাৰে,
তেওঁলোকৰ উত্থানত মোৰ কোনো খেদ নাই।
মোৰ মাথো অাৰ্তনাদ তেওঁলোকৰ প্ৰতি
মোৰ শৰীৰটোক মুনাফাৰ আওতাত নভৰাবা
হাত-ভৰি, মুৰ আদি ইন্দ্ৰিয়বোৰ মুচৰি নিচিঙ্গিবা।
এবাৰ ভাবি চাবা
মই বাচিলেহে সকলো বাচিব
মই থাকিলেহে মানুহ থাকিব সমাজ ব্যৱস্থাৰ সকলো চাবিকাঠি
মই নাথাকিলে শেষ হৈ যাব।
সেয়ে আগবাঢ়ি আহা
সমস্ত মানব জাতিৰ প্ৰতিটো গোট
প্ৰান্তে প্ৰান্তে এক হৈ আহা আগবাঢ়ি
মোৰ সতে মোৰ দৰে
শ্ৰম দিন তৈয়াৰ কৰো প্ৰতিদিনে
নিজৰ মজুৰি তৈয়াৰ কৰো
তাতেই তৈয়াৰ হ'ব
মুঠ ঘৰুৱা সম্পদবোৰ
সকলো শ্ৰমিক মিলি
গঢ়ি যাম আমি
পৃথিৱীত গোলকীয় সম্পদ
সমস্ত মানৱ জাতিৰ বাবে।
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +