Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি

মোৰ বিশ্ৰাম স্থল

(১)
মোৰ বিশ্ৰাম স্থল
কাগজ কলম আৰু কিছু পুস্তক ৰাজি
মই টুকি লও জীৱনৰ টোকা, ঘাট, প্ৰতিঘাট
অশেষ অভিজ্ঞতাৰে ভৰা।
খৰধৰকৈ পঢ়া পুৱাৰ বাতৰি কাকতবোৰ মোৰ বিশ্ৰামস্থল
যেতিয়া আজৰি পাও, সম্পাদকীয়
আৰু তেওঁলৈ দিয়া চিঠিবোৰ পঢ়ো।
তেতিয়া মোৰ বিশ্বাস হয় বিশালতাত
মই হত চকিত, হিংসা আৰু হত্যাত
লুণ্ঠন আৰু চৌৰ্য্যৰ নিপুনতাত
প্ৰশাসনৰ নিষ্ক্ৰিয়তাত বা সুৰুঙ্গা ভৰা আইনৰ ব্যৱস্থাত।
 
ভাগি পৰা মনটোত, বেছি ভাগৰ লাগে
বিচিত্ৰ এই পুৱাতে গোট খাই ভৰি পৰা 
আবৰ্জনাৰ দ'মবোৰ ঠাকে ঠাকে প্ৰতিপৃষ্ঠাই।
মোৰ এটা প্ৰচণ্ড আষ্ফালনত উফৰাই দি কাকতখন
মই বিশ্ৰাম লও, কোনো এখন পুস্তকৰ
একোটা মোহিনী আলেখ্যত
কিছু কাগজ আৰু এটা কলমত।
 
(২)
বিশ্ৰামৰ অপূৰ্বস্থল মোৰ বিচনাখন
মই জিৰণি লও, তৃপ্তিৰে চকু মুদি দিও
ৰাতিৰ টোপনিত নাকৰ শব্দ আৰু
দুচকুত মোৰ তিৰবিৰাই থকা, নিমাতি সপোন
টোপনিৰ জাল ফালি মই যেতিয়া উঠো সাৰ পাই
দৃষ্টি মোৰ দিগন্তলৈ গুচি যায়।
মই অাহলাদিত, সতেজ
জাৰি জোকাৰি আস্তৰন, পুনৰ সামৰি লওঁ।
মোৰ বিশ্ৰামস্থল, মোৰ অপূৰ্ব বিচনাখন    
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +