মোৰ বাবে সূৰ্য্য
নে পৃথিৱী ?
ধৈৰ্য্য নাই চাই থাকিবলৈ
অলপকে সূৰ্য্যৰফালে
মোৰ ধৈৰ্য্য নাই পেত পেলাই
আকৌ মাটিত বগাই ফুৰিবলৈ ...
ক'ৰবাত এটা শক্তিৰ উৎস
ভগৱানৰ দৰে এক
বা হয়টো তেত্ৰিশ কৌটি
তাতোধিক সৰু সৰু উৎসৰ দৰে শক্তি
মহান বা চয়তান
মৌলিক, যৌগিক বা নিৰ্লিপ্ত
কঠিন, জুলিয়া, বাস্প বা ব্যাপ্ত শূণ্য।
অগনন তাক
সেইবোৰ জুখিবলৈ মোৰ
ধৈৰ্য্য নাই
স্বনিৰ্য্যাতন, সকলোতকৈ উত্তম ভক্তি
বা চাৰবাক, ভ্ৰান্তিহীন স্বচ্ছল জীৱন।
আমোঘ সৃষ্টিৰ বেস্তনিত পৰি
স্তনদানৰতা মাতৃৰ হৃদ্যতা,
কামিনী কাঞ্চন বৰ্জিত বিৰ্য্য ধাৰণৰ তত্ব,
গুৰুবাদী সমাজৰ মহান নায়কৰ বন্দনা,
সমাজ সেবকৰ প্ৰীতিভোজ,
আৰু আত্মজাহৰ পৰ্ব
মাটিৰ লগত থকা তেজৰ সম্বন্ধ
প্ৰভুত্বৰ গৰ্বত মুৰ্ত্ত আনন্দ।
ৰাজনীতিৰ পৰিসীমাত
ধূলিস্যাত নিতী, মানৱতা আৰু ক'ত
ব্যৰ্থ প্ৰায় ধৈৰ্য্যৰ নাৰ্য্যতা,
এই সকলোতে মই দেখা পাওঁ
মই জনা আৰু নজনাৰ মাজৰ স্বল্পতা
আৰু ক্ষীণ, অতিক্ষীণ
মোক কাম্যৰ সংজ্ঞা।
সেয়ে মোৰ নাই
সূৰ্যোদয়ৰ বাবে ৰৈ ৰৈ অপলকে
আকাশ চোৱাৰ ধৃষ্টতা
মোৰ ধৈৰ্য্য নাই পেত পেলায়
আকৌ মাটিত
কেঁচু-কুমতিৰ দৰে বগাব পৰা
ধৈৰ্য্যৰ অদম্য নগ্নতা .....
মোৰ বাবে যি আছে সেয়াই মোৰ।
আকাশ আৰু মোৰ পৃথিৱী
মই মানুহ, মানুহৰ দৰে থকাটোৱেই
মোৰ কাম্য, তাৰবাবেই মোৰ মনত
সেয়াই আকাশ যাক মই অনুভব কৰিব পাৰো
সেয়াই মোৰ পৃথিৱী
যাক মই মৰমেৰে সাৱটি ধৰিব পাৰো।