Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি

মোৰ অস্তিত্ব

মোৰ অস্তিত্বই মাথো সত্য
আৰু সন্দেহৰ উৰ্দ্ধত মোৰ বৰ্ত্তমান।
মই লৈ ফুৰা আকাশখন ঘূৰ্ণীত
মই আহি গৈ থকা পথবোৰ বিবৰ্ত্তমান
শৈশৱৰ পৰা আজিলৈ
মোৰ পৰা সৰকি পৰা দিনবোৰ
তাতে গঢ়লোৱা মোৰ অভিজ্ঞতাৰ সাহবোৰ
মোৰ জ্ঞানৰ সীমিত ভৰালটো
আৰু মোৰ সঞ্চিত সমস্ত উদং প্ৰায় বৈভৱ
তথা মোৰ নাতিশীতোষž ব্যক্তিত্ব
হয়, মোৰ অস্তিত্বৰ একমাত্ৰ উপাদান ময়েই
মোৰ সমস্ত অভিজ্ঞতাৰ জালত
অলীক আঠাৰে গঢ়ি লোৱা লেটা তৈয়াৰ কৰি
মই নিজেই ঘৰ বান্ধো তাত
মই বাস কৰা লেটাটোৰ বাহিৰে ভিতৰে থকা ফুটাবোৰ
আনে নেদেখাকৈ মই কঢ়িয়াই ফুৰো
যেনেকৈ মোৰ দুচকুৰে নেদেখাকৈ
মই কঢ়িয়াই ফুৰো মোৰ মস্তিস্ক।
মোৰ অস্তিত্বৰ একমাত্ৰ উপাদান ময়েই
মূহুৰ্ত্ততে মোৰ প্ৰতিবিম্ব হয় বহুধা বিভক্ত।
মই জানো, আৰু বাছি লও মায়াজালৰ শব্দ
সেয়ে অজ্ঞানে নিজৰ ছবি
টুকুৰা টুকুৰি কৰি ভগাই দিও মোৰ আত্মীয়ৰ মাজত
মোৰ খণ্ডিত সাঁচতীয়া প্ৰতিছবি
জাপিকুছি থৈ দিও মনৰ নিভৃত কোণত।
নিত্য নতুনৰ মাজেৰে আজুৰি অনা মোৰ বৰ্ত্তমান
হলে হ'ব পাৰে এটা অনুমানিক সত্য
সময়ৰ যোগসূত্ৰৰে গুঠি-গাঠি শেষ হোৱা
এটা সত্তাহীন তথ্য
য'ত থকা বা নথকাৰ, হোৱা বা নোহোৱাৰ
কোনে মানে নাই।
যেন আদি আৰু অন্তত যাত্ৰাৰ সাৰথি সঙ্গী নাই।
মই কিন্তু আছো, কোনোবাই বিচাৰিলেই
পাব মোৰ ঘৰ।
এই পৃথিৱীতে মোৰ মন মোৰ দুভৰিত বান্ধি লৈ 
গতিৰ এক চন্দত
এটা উদভাসিত সত্য হৈ মই
আৰু মোৰ বৰ্ত্তমান, সন্দেহৰ উৰ্দ্ধত। 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +