Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি

মোৰ ইচ্ছা মানুহৰ বাদে আন এটা জীৱ হোৱা

মোৰ যদি অধিকাৰ থাকিলহেঁতেন বাচি ল'বলৈ,
নিজ ইচ্ছামতে পৃথিৱীত এটা জীৱ হৈ থাকিবলৈ,
মোৰ ইচ্ছা, মানুহৰ বাদে আন এটা জীৱ হ'বলৈ।
মানুহৰ বাদে মই আন এটা জীৱ হোৱা হ'লে
পৰিত্ৰাণ পালো হয়, অলেখ আপদ আৰু বিপত্তিৰ পৰা।
মোৰ টকা-পইচাৰ, দেশী-বিদেশী কাৰেঞ্চীৰ দৰকাৰ নহ'ল হয়
মোৰ সা-সম্পত্তিৰ
মাতিৰ তলত বা ওপৰৰ
জোখ মাখ¯ কালিৰ দৰকাৰ নহ'ল হয়
মোৰ দাড়ি, চুলি, কাপোৰ-কানি, গহনা-গাঠিৰ
ষ্টাইল প্ৰসাধন নহ'ল হয়
মই নিজে এটা টকা ঘটা যন্ত্ৰ নহ'লো হয়।
মই খাদ্য বনোৱা আনৰ ৰান্ধনি নহ'লো হয়।
মই ছাত্ৰ, শিক্ষক, কেৰাণি, মহৰি, উকিল
ন্যয়াকৰ্ত্তা ৰাজনৈতিক
বৈমানিক, বৈজ্ঞানিক।
 
গাড়ীবোৰৰ চালক আদি
হাজৰটা পদবীৰ প্ৰতি আকৃষ্ট নহ'লো হয়।
মই দুৰ্নীতিকাৰী, সুবিধাবাদী, দুঃ©Ô¨তিকাৰী হৈ
কোনো মানুহক বা সমাজখনক
অপহৰণ কৰি, বোমা ফুটাই
নিজকে ধন্য, মহান নসজালো হয়।
মই কয়লা খান্দিব নালাগিলে হয়
তেল, খনিজ, ৰাসায়নিক
কোনো দ্ৰব্যৰ দৰকাৰ নহ'ল হয়।
 
মই ৰামায়ণ, মহাভাৰত, বেদ, বাইবেল, কোৰান
সেইবোৰৰ ভাষ্যকাৰ বিচাৰি পৃথিৱী
চলাথ কৰিব নালাগিলে হয়।
মই আৰ্হি পাঠ, নেত্তঁতা আদি পাঠ্যবোৰ
পঢ়িবলৈ ¦³¨লতে থাকিব নালাগিলেহেঁতেন
মোৰ নিজাকৈ নাম এটা
নামৰ আগে পাছে গোটাই লোৱা ডিগ্ৰীবোৰ
নহলেও হ'লহেঁতেন
দিনৰ দিনটো বা গোটেই ৰাতিটো
মোৰ মতে কটালোহেঁতেন।
হাবিত, গাতত, পানীত বা আকাশত
ইচ্ছামতে ঘুৰিলোহেঁতেন!
 
মই খাদ্য বিচাৰি নতুন খাদ্য খালোহেঁতেন
মই বৰষুণৰ পানী, নদ-নদী, বিল আদিৰ পানী পিলোহেঁতেন
মই গুৱালৰ গাখীৰ বা আনৰ গাখীৰো নাখালোহেঁতেন
মোৰ জন্ম দিৱস, মৃত্যু দিৱস, শত বাৰ্ষিকৰ উৎসৱ নহ'ল হয়।
কোনোদিন মোৰ বছৰ, খৃষ্টাব্দ আদিৰ হিচাপ নহ'ল হয়
মই ধপাতৰ প্ৰতি অনুৰাগী নহ'লো হয়
বিদেশী, ঘৰতে বনোৱা বিধৰ সেৱক নহ'লো হয়
প্ৰেচাৰ উঠা নামাৰ পিলবোৰ বা আন পিলবোৰ খাব নালাগিল হয়
দহ দিনীয়া, এঘাৰ, তেৰ, চৌধ্য, মাহেকীয়া সৎকাৰ সংস্কাৰ
ভূত, প্ৰেত, সাপ, গছ বা বিভিন্ন ঈশ্বৰৰ পূজা
আৰু লগুনলোৱা, শৰণ, ক্ৰচ পিন্ধা আদিবোৰ
একোৱেই নহ'ল হয়
মই কম্পিউটাৰ, লেপটপ, বায়ৰলেছ, ই°টাৰনেট
ম'বাইল, ফেচবুক, টুইটাৰ আদি হেজাৰ বিজাৰ
নতুন কৌশল আৰু প্ৰযুক্তিৰ আহিলা
বুজিব নালাগিলেহেঁতেন
 
মোৰ চেনেহ মানে অপত্য স্নেহ
মোৰ মৃত্যু মানে সকলো তাতেই শেষ
মোৰ যদি অধিকাৰ থাকিলহেঁতেন
মই বাচি ল'লোহেঁতেন
বিহঙ্গ প্ৰাণী হৈ আকাশতে ঘুৰি ফুৰিবলৈ।
তেতিয়া মোক পথালি চকুৱা
পেতটো মাটিৰ লগত লম্বভাৱে লৈ 
দুভৰিত ঘুৰি ফুৰা এটা আচহুৱা জীৱ বুলি
আন সকলো জীৱই ভয় নকৰিলে হয়।
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +