আবদাৰ কৰি তুলি লোৱা হয়
ফুলৰ পুলি একোটা টাবত
আলপৈচান ধৰা হয়, মাটি, পানী, সাৰ দিয়া হয়।
হয়, এদিন মনৰ আশা পূৰণ হ'ব
ফুল ফুলিব, জাতিষ্কাৰ হ'ব ঘৰৰ আগচোতালত।
এনে সৰু সৰু আশাবোৰে ঠন ধৰিকেতিয়াবা সঁচাই মোহনীয়া হয়।
এয়াটো জীৱনৰ একোটা চক্ৰ
একোখন সংসাৰৰ আগচোতালত
যেতিয়া উজলি উঠে নিজৰে সন্তান সন্তটি
খুদ খুদকৈ জমা কৰা আশাবোৰ
একোটা শকত ঠন ধৰা টোপোাল হৈ
নিজৰ, দহৰ, দেশ-বিদেশৰ সুবাস বিয়পাই যদি।