মই উপাসনা কৰো, সেয়াই মোৰ ধৰ্ম।
কোনে কি নাম দিব প্ৰাৰ্থনাৰ
যীশুখ্ৰীষ্টই মাত্ৰ দুই হাজাৰ বছৰৰ কথা ক'ব
ষোল্লশ বছৰৰ কথা মাত্ৰ আৰু হজৰত মহম্মদে।
কি নাম দিম মোৰ আজিৰ ধৰ্ম্মৰ·
সেয়াই সত্য আৰু সনাতন, যাউতি যুগীয়া পুৰণা
মানুহে উপাসনা কৰে, মানুহে মাত্ৰ প্ৰাৰ্থনা কৰিব জানে
মানুহে মাত্ৰ উপাসনাৰ বাবে একেলগ হ'ব জানে, সময় বান্ধিব জানে
পুৱা-গধূলি, তিনি সন্ধ্যা বা চাৰিটা নামাজ।
প্ৰতি দেওবাৰে গীৰ্জাত সমুহীয়া ইংলিচ চাৰ্ভিচ
তেনেদৰে দেশে দেশে, প্ৰান্তে প্ৰান্তে পৃথিৱীত
মানুহৰ মাজত ধৰ্ম বৰ্ত্তি আছে, বিভিন্ন নামেৰে
তাতোকৈও উৰ্দ্ধত আজিৰ মানৱ ধৰ্ম
জীয়াই থকাৰ বাবে সামাজিক নীতি-নিয়ম বান্ধি
জীৱন উপভোগ কৰাৰ বাবে ইজনে-সিজনৰ
হিংসা বৰ্জিত সহাৱস্থান আৰু
প্ৰেম ভালপোৱা আৰু ভাল আচৰণ
দুৰ্বলজনক সহায় কৰা,
দান, দয়া, ক্ষমা আদি গুণৰ দ্বাৰা জীৱিতক সেৱা কৰা
মানুহৰ ধৰ্মৰ বন্দনা কৰা
আৰু কিবা এক অনুভূতি সন্তাষৰ বাবে
নেদেখাজনক আৰাধনা কৰা।
মই নিতৌ উপাসনা কৰো, সেয়াই মোৰ ধৰ্ম।
নেদেখাজনৰ বন্দনাৰে মোৰ মন পবিত্ৰ কৰো।
মই মোৰ ধৰ্মৰ কোনো নাম দিব নোখোজো।
মোৰ ধৰ্মৰ কোনো পূজা-পাৰ্বন নাই
আনকি বিলাবলৈ কোনো প্ৰসাদৰ মোৰ প্ৰয়োজন নাই
নেদেখাজনক দিবলৈ ফুলৰ প্ৰয়োজনো নাই
কোনো নিৰ্দ্দিষ্ট সময় নাই, মোৰ প্ৰাৰ্থনাৰ
কোনো বিশেষ মাহ নাই
কোনো বিশেষ ঋতু নাই
পুৱাই বা গধূলি, সন্ধ্যা বা ভৰ দুপৰীয়া
বা নাই কোনো বেদবাণী শব্দৰ প্ৰয়োজন
মই আছো সেয়েই যথেষ্ট।
নেদেখাজন আছেনে নাই মই বিতৰ্ক নকৰো
মই কিঞ্চিৎ আৰাধনা কৰো
মই যেন কাৰোবাৰ কামত আহো
মোৰ সদিচ্ছা যেন সকলোৰে বাবে সদায় সাজু
মোৰ থকাখিনিৰে কিঞ্চিৎ আনকো দিব পাৰো
মানুহ ধৰ্মৰ বন্দনাতে
মই আৰু মোৰ কণ্ঠত কোনেও নুশুনা
উপসনাৰ ঐক্য অনুভৱ
মোৰ সত্তাযুৰি জীয়াই ৰাখিব পাৰো
সেয়ে নেদেখাজনৰ বন্দনাৰে
মোৰ মনকহে পবিত্ৰ কৰো
মোৰ ধৰ্ম্মৰ কোনো নাম দিব নোখোজো।