Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি

সম্পদৰ তালিকাত মোৰ ঈশ্বৰ

প্ৰাচুৰ্য্যৰে ভৰা আমাৰ জীৱন যৌৱন, প্ৰতিক্ষণ
সদা জাতিষ্কাৰ, পুৱাৰ পৰা সন্ধ্যালৈ
আন্ধাৰৰ পৰা পোহৰলৈ।
প্ৰাচুৰ্য্যৰে ভৰা আমাৰ জীৱন যৌৱন, প্ৰতিক্ষণ
আৱেগ, অনুভূতি আমাৰ বাবেই চোন জনমাবধি।।
 
পৃথিৱী, আকাশ, বায়ু-পানী, ৰ'দৰ উত্তাপ
প্ৰচুৰ কামত লগা উদ্ভিদ, খাদ্যৰ বাবে কৃষি শস্য
সাহাৰ্য্যৰে বাবে পোহমনা জীৱ-জন্তুবোৰ
অতিজৰ পৰা জনমে জনমে আজিলৈ আৰু আগলৈ
আৰু মানুহে তৈয়াৰ কৰা সঁজুলি সৰঞ্জাম
কল-কাৰখানা, নানাবিধ খাদ্যৰ সম্ভাৰ
প্ৰাচুৰ্য্যৰ গুণিতক ৰূপ লৈ ক্ৰমে বাঢ়ি আহি আছে
ব্ৰহ্মাণ্ডৰো সকলো সম্পদ যেন আমাৰ মাজলৈ।
 
হে ঈশ্বৰ, তোমালৈ শ্ৰদ্ধা-ভক্তি প্ৰেম মোৰ আছে
সন্দেহৰ জালত ঐশ্বৰীক বিবাদো আছে
ঈশ্বৰ কিমান দয়ালু বা কিমান নিষ্ঠুৰ, ভাবিবৰ স্থল আছে
ঈশ্বৰৰ কত্তৃত্ব জটিল সৃষ্টিৰ শৃংখল।
স্বয়ম্ভূ প্ৰবাহিত শক্তি, প্ৰতিপালিত স্থিৰতা
এই সকলোচোন আমাৰ কল্যাণৰ বাবেই
সেয়ে ঈশ্বৰক মই সদায় লগত ৰাখো
সেয়ে ঈশ্বৰক মই মোৰ সম্পদৰ তালিকাত ধৰো
আটোমতকাৰী আলফুলে ঈশ্বৰক মই লগত লৈ ফুৰো।
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +