Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

মোৰ পৰিচয়

তোমাৰ নামটো কি কোৱাচোন

নমস্কাৰ মোৰ নাম.....
কিয় লাগে নামৰ পৰিচয়·
পৰিচয় পৰ্ব নামতেই শেষ হোৱা নাই কেতিয়াও।
পৰিচয় ৰৈ যায়।
সেইয়ে ‘কলা চুলি, বগা দাঁত' - মনত পৰেনে·
টোপ পৰা মুখৰ হাঁহিটি
জোঙ্গাল নাকটো, দেউতাকৰ দৰেই
মাকক আমনি দি থকা ল'ৰাটো।
যাকে তাকে হাত মেলি আহিব খোজা 
কণমানি ভন্টিৰ নাচোন কাচোন
আইতাৰ চকুৰ মণিটি
থোকা থুকি নুফুটা মাতেৰে দেখুৱাব পৰা
চকু, কাণ, নাক, হাত-মুখ চাই চাই
লাহে লাহেকৈ ডাঙৰ হোৱা পৰিচয়।
পৰিচয় বাঢ়ি গৈ থাকে
বছৰৰ পৰা বছৰলৈ
পঢ়াৰ শ্ৰেণীৰ পৰা যেন দোপে দোপে ওপৰলৈ।
তুমি এতিয়া কি কৰা· ক'ত থাকা·
ইয়ালৈ কেতিয়া আহিলা·
বিয়া বাৰু হ'লনে· ল'ৰা-ছোৱালী·
কি যে পৰিচয়¯
পৰিচয়, পখিলাৰ দৰে উৰি ফুৰে
ফ্ৰেমৰ ভিতৰত, উকা কাগজত
পৰিচয় শেষ হোৱা ফটোখিনি
শেষ হ'বলৈ দিয়া হয় কেতিয়াবা
আকৌ ‘নল মৰে গজালি ওলায়’
পৰিচয় পৰিৱৰ্ত্তন হয়
হাতৰ তলুৱাত, বুঢ়া আঙুলিৰ চাপত
পৰিচয় স্থায়ী হয়, পৰিচয় পত্ৰত।
পৰিচয় পৰিৱৰ্ত্তন হয়!
চকুৰ ৰেটিনাত, একোডাল চুলিৰ মাজত।
বংশৰ ডি এন এ, পিতৃত্বৰ বা জাতিৰ পৰিচয়।
লেঠাৰি নিচিগা পৰিচয়
লেঠাৰি চিগা পৰিচয়
নাগৰিক পঞ্জীৰ বাবে
আধাৰ কাৰ্ডৰ বাবে
বেঙ্কৰ আহুকলিয়া কে ৱাই চি ১ বাবে।
পৰিচয় দুঠেঙীয়া নে চাৰিঠেঙীয়া
দেশী নে আচহুৱা·
বগাই আহিলে নে সাঁতুৰিলে
উৰি যায় নে গছৰ দৰে ৰৈ থাকে·
সমগ্ৰ পৃথিৱীত ভৰা নানা পৰিচয়
কাৰ পৰিচয় কিমান ল'বা·
কাকনো কিমান নামেৰে জানিবা·
মানুহৰ কিমান নাম·
বহু নাম আমি শুনাই নাই
এইদৰে সমগ্ৰ পৃথিৱী চাতি ভৰি পৰি আছে
জাপে জাপে, তৰপে তৰপে নামৰ পৰিচয়।
পৰিচয় হ'ব পাৰে জীৱিতৰ
মৃতকৰ, শৰীৰৰ, অঙ্গ-প্ৰত্যঙ্গৰ
গছ লতিকাৰ পৰিচয়
 
গুটি আৰু শষ্যৰ
ছাটি লাঠি ঘটি বাতি, যিমান আচবাব বোৰৰ
কিমান গ্ৰন্থ আৰু লিখকৰ·
বাহনৰ ভিতৰত যাত্ৰীৰ পৰিচয়।
চালকৰ হাতত থকা স্বীকৃতিৰ পৰিচয়।
প্ৰসূতি ঘৰত সদ্যজাত দেৱ-শীশুৰ পৰিচয়।
ৰোগীৰ পৰিচয়।
ডাক্টৰ, নাৰ্চ বা হস্পিতালৰ
ন-পুৰণি বেমাৰৰ, চিকিৎসা পদ্ধতিৰ
নিত্য নতুন ঔষধৰ
ঔষধি গছৰ পৰিচয়।
নদ-নদী পৰ্বত ভৰা
পৃথিৱীৰ দৰে গ্ৰহ পুঞ্জৰ পৰিচয়।
সূৰ্য্য তৰা বিশ্ব ব্ৰহ্মাণ্ডৰ
সংখ্যাৰ পৰিচয়, সজ্ঞাৰ পৰিচয়
পৰিচয় হাটি-পতি অৰণ্যত
ভৰি পৰি আছে অগনন পৰিচয়।
সম্বন্ধৰ পৰিচয়,
ভাষাৰ পৰিচয়।
সাজ পোছাকে দিয়া পৰিচয়,
কথা বাৰ্ত্তাই দিয়া পৰিচয়।
হয়তোবা সমূহীয়া সভাকক্ষত
নিজে দিব লগা নিজৰ পৰিচয়।
পৰিচয় পূৰ্ণ জীৱনৰ নিজৰো অজ্ঞাত
নিজৰেই পূৰ্ণ পৰিচয়।
কোনে জানে, কেতিয়া অজ্ঞাত হ'ব
তোমাৰ বাবে, আজি কোৱা
মোৰ নিজৰ এই নাম পৰিচয়।
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +