Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

শৰতৰ আবেলি

বৰষাৰ ভয় শেষ হ'ল,
চকু চাত মাৰি ধৰা বিজুলীৰ
কাণ তাল মৰা মেঘৰ গৰ্জন নোহোৱা হ'ল।
মোৰ আগচোতালৰ তুলসী জুপিৰ
ভয় শেষ হ'ল।
আকাশৰ ক'লা মেঘ আঁতৰি গ'ল
জুৰুলি জুপুৰি হোৱা বৰষুণৰ
ভয় শেষ হ'ল।
বৰ্ষাৰ দুব্বাৰ জলাতঙ্কৰ
ভয় শেষ হ'ল।
সন্তপৰ্ণে কাকো নোকোৱাকৈ আহিল শৰৎ
জোনাক জিলিকাবলৈ শৰৎ ঋতু আহিল
দুৰ্গতি নাশিনীৰ আবিৰ্ভাৱ হ'ল
শাৰদাৰ পূজাৰ আয়োজন চলিল।
মোৰ আগচোতালৰ
তুলসী জোপাৰ তলৰ লেউ সেউ মাটিখিনি
অশিতীপৰ আইতাৰ ভক্তিৰ পৰশত মসৃণ হ'ল।
সকলোৰে বাবে
 
শুভেচ্ছাৰ আশীষ লৈ
আকাশ নীলা হৈ উজলি উঠিল।
শৰতৰ আকাশত আবেলিৰ বেলি লহিয়ালে
আগচোতালত মোৰ সৈতে
আলহীৰ আদ্দা বহিল।
সৌ জোপা শেৱালীৰ কাষে কাষে
সচ্ছ চঞ্চল পাখীৰে ডেউকা কোৱাই উৰি ফুৰা
সুঠাম জীয়াৰ দল ভৰি পৰিল।
আজি এই আবেলিতে
প্ৰতিশ্ৰুতি, প্ৰতীক্ষাৰ শেষ হ'ল।
জাকে জাকে অপেশ্বৰী যেন
ৰঙ্গা জীয়া ৰাজকন্যা নে লাচতী ৰূপকন্যা
সিহঁতো আহিল।
সিহঁতবোৰ আমাৰ আপোন, আমাৰ চুবুৰীৰে সিহঁতবোৰ
ইঘৰ সিঘৰৰ পদূলিতে উমলি
ডাঙৰ-দীঘল হৈ উৰিছে , দেওদি ঘুৰিছে
এবাৰ আহিছে সিবাৰ গৈছে
কোনোবাই দিয়া মুকুট একোটা
নিজৰ মূৰতে লৈ।
সিহঁত আহিছে জাকি মাৰি মাৰি
ৰূপকোঁৱৰ যেন সুঠাম জীয়াৰ ৰূপতে বিভোল হৈ
 
সিহঁতেচোন আমাৰ প্ৰতিভু।
প্ৰাণ চঞ্চল নব প্ৰজন্মৰ দল
উত্তাল, অদম্য গতি
জাক পাতি আহে , জাক-পাতি যায়
সমুহীয়া কামত আগভাগ লয়।
সিহঁতৰ বাবে, শৰৎ মানেই প্ৰেম
প্ৰেমতেই জোন আৰু জোনাক।
সিহঁতবোৰ আজি প্ৰেমতে মছগুল
শৰতৰ আবেলি সিহঁতে সজাব
জোনাকৰ বগাবোৰ চুহি চুহি আনি, শেৱালী গছত সিঁচি দিব আহি
মন শৰীৰ তেজ।
সেন্দূৰৰ কণমান ৰঙা, গুঠি-গাঠি দিব ফুলৰ মাজতে
বোৱাৰী পুৱালৈ, কোনেবা হাতত আজলি ভৰাব·
কোনে পিন্ধি লব নিয়ৰ সিক্ত এধাৰি ফুল।
আৰু সেইফালে চালে নিজে উমান পাব
সিহঁতেই চোন সজালে ধৰা।
অসমৰ পথাৰ শুৱনি কৰা,
সেউজীয়া, গেৰ ধৰা ধাননিৰ দৰাবোৰ,
তাৰ মাজে মাজে বৰ ভেকোলাৰ জপং জপং জাপ।
হেঁপাহ পলুৱাই পোক ধৰি খোৱা,
বৰ ভেকোলালৈ ভয় আমাৰ নাই।
 
সিহঁতক দেখি মোৰ উচ্চাহ বাঢ়িল,
শাকনি বাৰিখন চহাই ল'লো, গুটি সিঁচি দিলো।
মোৰ শাকনি বাৰি ঠন ধৰি উঠি,
আটোলটোল হ'ল।
আজি মোৰ কামৰ আজৰি হ'ল,
এই আবেলিতে মোৰ গাৰ চাদৰখনো
জাৰি জোকাৰি আকৌ এবাৰ ৰ'দাবৰ হ'ল।
গ্ৰীষ্ম বৰষাৰ শঙ্কা পাহৰি,
ফৰকাল আকাশৰ, ৰঙা সূৰুযৰ
ৰ'দ পুৱাবৰ হ'ল আৰু কালিলৈ
সোণগুটি লখিমীক আদৰি আনিম গৈ
জৰাটেঙা, সুমথিৰা, ৰবাব, সোলেং, কৰদৈ  পথাৰতে খামগৈ
দূৰণিবতীয়া পেহী, জেঠাইক মাতি আনিম ন-খোৱা খাবলৈ
মাহী, পেহী, জেঠাই সদৌটি আহিবা দেই। 
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +