Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

কি হেৰুৱালো! কি হেৰাল!

(১)
 
ৰঙালী বিহুৰ হুঁচৰি আৰু জয় অ’ হৰিবোল
গৃহস্থৰ কুশলৰ অৰ্থে
ৰাইজৰ মঙ্গলৰ অৰ্থে, ঘৰে ঘৰে প্ৰতিঘৰে
ৰাইজৰ একোটা উÍচ্ছশ্বৰৰ আশীৰ্বাদ
দুয়োটাই হেৰাই গ'ল।
 
(২)
 
নামঘৰৰ পিৰালিত হাত লগাই
মণিকূটলৈ দুয়োহাতে সেৱা জনাই
ধূতি, গামোছা লোৱা ডেকা বুঢ়া মানুহবোৰ
গাঁৱতেই নাইকীয়া হ'ল।
টি চাৰ্ট, স্পৰ্টচ সু্যটচ পিন্ধা মানুহৰ বাবে
নামঘৰৰ পথচোৱা হেৰাই গ'ল।
আখলৰ ভাতৰ চৰুটো আৰু জুহালখন
পাকঘৰৰ পৰাই নাইকীয়া হ'ল।
আথে বেথে মজিয়াখন হাত ফুৰাই দিয়া আইজনীৰ
ককাঁলত এলাহৰ বিষ হ'ল।
ৰন্ধা-বঢ়াৰ বাবে ইন্ধন সলনি হ'ল
ফলাখৰি নোহোৱা হ'ল, আচবাব বদলি গ'ল।
মাইক্ৰ'ৱেভ, ইন্দাকসন, প্ৰেচাৰ কুকাৰ, ইন্দেন গেছ
আৰু ননষ্টিক কুকৱেৰত ঘানী তেলৰ তৃপ্তি গ'ল।
 
(৩)
 
গোহালিৰ পৰাই গৰু হেৰাল
বলদ হেৰাল, গাই দামুৰী হেৰাল
খেতিবোৰ চন পৰিল
চন পৰা মাটিবোৰ বোজা যেন হ'ল।
গৰুৰ বেপাৰত কোন লাভৱান হ'ল?
ৰূপিত মাটি বেচি কোন অসমীয়া ধনী হ'ল?
গৰু বিহুটো চহৰৰ পৰাচোন কেতিয়াবাই নাইকীয়া হ'ল।
ঘৰৰ ভিতৰত ঠাই নাইকীয়া হ'ল
বৰপিৰা, দুখৰি পিৰা, নলীয়া কটাৰী গ'ল
পাকঘৰৰ ভাতখোৱা ভেটিবোৰ ভাঙি সোমাল টেবুল চকী
হৈ গ'ল ঘৰে ঘৰে মদাৰ্ণ কিচেন
বাৰীৰ চুকত থকা ভাৰতীয় ঘৰটো ভাঙি দিয়া হ'ল, ভাল হ'ল 
শোৱনি কোঠাৰ চুকতে বহি ল'লে ‘ইংলিচ কুমুদ'
এইবোৰ দুখীয়াৰ ভগা পঁজা ৰৈ যাব
বিদেশী পৰ্য্যটকৰ যেন প্ৰমোদ জুপুৰি।
(৪)
 
অসমীয়া মানুহৰ ঘৰৰ ভিতৰৰ বহুবোৰ বস্তু হেৰাল!
ভৰি হাত ধুবলৈ দিয়া লোটা ঘটিবোৰ হেৰাল
জলপানৰ হাতীখুজীয়া বাটি, বানবাতি, ভাতৰ কাহিও হেৰাল
পানধোৱা কাঁহী, কাঁহৰ কলহ, পিতলৰ কলহ হেৰাই গ'ল
বিহুৰ জলপানৰ বাবে ঘৰে ঘৰে গান গোৱা ঢেঁকীটোও গ'ল
ঘৰতে খুন্দা চিৰা কোমল চাউল আৰু
ভাত পিঠা, চুঙা পিঠা, ঘিলা পিঠা, বাঁহৰ চুঙাৰ দৈ নোহোৱা হ'ল
আৰু আগচোতাল, পাছচোতাল সৰু সৰু হৈ নোহোৱা হ'ল।
আমি মৰমৰ সম্বন্ধবোৰ হেৰুৱালো
পিতাদেউ, পেহাদেউ, মোমাইদেউ
ককাইদেউৰ দেউবোৰো দলিয়াই পেলালো
সম্বন্ধৰ দেউবোৰ কাটি চিঙি একোটা অভজা শব্দ তৈয়াৰ কৰা হ'ল।
বয়সীয়াল জনৰ বাবে সকলোকে
খুৰা নহ'লে আংকল কৰা হ'ল
তেনেকৈয়ে শিষ্টাচাৰ, দুখন হাত তুলি দিব লগা নমস্কাৰ
দিয়াৰ অভ্যাস হেৰুৱালো
পৰম্পৰা, সম্বন্ধ, বৈশিষ্ট্য, সংস্ক্তি  নিজে অচল কৰিলো।
 
(৫)
 
কিছুমান বস্তু হেৰাল যদিও কোনো খেদ নাই
সেইবোৰ দেশৰ প্ৰগতি আৰু প্ৰযুক্তিৰ উন্নতি।
কলম দোৱাত, ৰঙা নীলা চিয়াহী জীভা, নিব থকা ফউন্টেন পেন
আৰু শ্লাইড ৰূল পাত
হেৰাই গ'ল উন্নতিৰ জখলাত
টেলিগ্ৰাম, টেলিফোন, ÎCভেলাৰ চেক
আওপুৰণি আদৰকাৰী হ'ল
লেপটপ ম'বাইল, ৱাই-ফাই, ইন্টাৰনেট
চ'ছিয়েল নেটৱৰ্ক অপূৰ্ব মিঠা যোগাযোগ
ভইচ মেইল, এছ এম এছ , ই-মেইলবোৰে
চিঠি পত্ৰৰ টোপোলা ফালি চিৰি নিলে।
দীঘল বাঁহ যোৰা দিয়া এন্টানাবোৰ
ঘৰৰ ভিতৰতে জালনা দিয়া এৰিয়েলবোৰ,
তাৰ লগত থকা সংযোগ বৃহৎ ৰেডিঅ'বোৰ
জিকমিক কৰি থকা টেলিভিচনবোৰ
হাতে হাতে বা চাইকেলত বজাই ফুৰা ÎCনজিষ্টৰবোৰ
এতিয়া আৰু নাই , কাৰো কোনো খেদ নাই
ম'বাইল স্মাৰ্টফোন আইফোন পেনড্ৰাইভ হাতৰ মুঠিতে সোমাল।
 
(৬)
 
আমাৰ পুৰণা দিনবোৰ কেনেকৈ হেৰাল
নাতি পুতিবোৰেচোন আমাৰ দিনৰ খেলা নেখেলিলে
ব'হাগৰ কড়িখেল, পথাৰৰ চেংগুটি, ঘিলা গুটি
খেলিবলৈ নাপালে।
খাবলৈ নাপালে আঠা লগা দৈ ভীমকল, সোন্দাকল
আমাৰ পুৰণা অফিচবোৰত টাইপ মেচিনৰ শব্দই হেৰাল 
পিয়নবোৰে বিচাৰি দিব লগা ফাইলবোৰ
লেপটপত সোমাই দিয়া গ'ল
কৰ্ম সংস্ক্তি, কামৰ সময় বাঢ়িল নে টুটিল
কাম কৰা মানুহৰ সংখ্যা নে
বেকাৰৰ সংখ্যা কমিল?
 
(৭)
 
আলসুৱা শৈশৱ মোহাৰি মুচৰি
এতিয়াৰ স্কুল শিক্ষা বৰ কষ্টকৰ হ'ল
কুমলীয়া ছাত্ৰ-ছাত্ৰীৰ শিশু সুলভ আহৰি নাইকীয়া হ'ল
পুৱাৰ পৰা শোৱা পৰলৈ কেৱল পঢ়া আৰু প্ৰতিযোগিতা।
কেপিটেল দনেশ্যন নহ'লে নচলা শিক্ষা ব্যৱস্থা
সিহঁতৰ মুৰত জাপি দিয়া হ'ল।
সৰু সৰু আৰ্হিপাত, কণমানিৰ কুঁহিপাত
হৈ গ'ল বেগভৰা ইংৰাজীৰ ডাঙৰ কিতাপ
আমাৰচোন শিশুহঁতৰ মুখৰ পৰাই
মাতৃভাষাটো পেলাই দিয়াৰ ব্যৱস্থা কৰা হ'ল।
কাৰ স্বাৰ্থত আমি কি হেৰুৱালো?
আমাৰ বৰ ঘৰৰ পৰা কিমান বস্তুপদ হেৰাল
সেইবোৰ মন্থন কৰি চোৱাৰ সময়ো আমাৰ নোহোৱা হ'ল।
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +