Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

প্ৰতি পুৱাৰ খবৰ কাগজ

প্ৰতি পুৱা পঢ়িবলৈ লোৱা দুখন কাগজ
খবৰৰ মেট মৰা বোজা
বিজ্ঞাপনৰ জেউতিৰে জীপাল
বিভিন্ন শিতানৰ লিখনি, মনঃ পুত ৰসাল।
প্ৰতিটো পৃষ্ঠাই আকৰ্ষণ কৰে মন
উৎকণ্ঠাৰে ভৰা লিখকৰ আৱেগ
মই বিচাৰি পঢ়ো নিমজ খবৰ।
এই দুয়োখন কাগজেই পেলাই দিয়া হ'ব
আজিৰ খবৰবোৰৰ মূল্য কালিলৈয়ে হ্ৰাস পাব
কালিলৈ পাব লগা দুখন কাগজে
মেট মৰা নতুন খবৰহে আনিব¯
হয়, খবৰ মানেই নতুন তথ্য
পুৰণা খবৰ জাবৰৰ দৰে
জমাই থব পাৰা, পেলাই দিব পাৰা
ন'হলে জ্বলাই দিব পাৰা অলাগতীয়াল বিজ্ঞাপন
আকৌ আহিব, নতুন কাগজ, নতুন দিনৰ।
শিহৰণ উৎফুল্লতা, বিষাদ, বিক্ষোভ য'ত যি
খবৰ মানেই শিহৰণ
খবৰ মানেই বৰ্ত্তমান।
পৰিস্থিতি, পৰিবেশ, লৌকিক, অলৌকিক ঘটনা
উত্তৰ পূৱ-পশ্চিম-দক্ষিণ দিশৰ পৰা গোটাই অনা
প্ৰথম বা নিগৰি অহা নিমজ খবৰ
কোনোবাই কিনিছিল
কোনোবাই বেচিছিল নতুন জ্ঞান, সজাগতা
কিছুমান খবৰে কঢ়িয়াই আনে পোহৰ
উৎভাষিত কৰে বিতৰ্কৰ মূল।
কিছুমান খবৰ নিজেই গেলাপচা
আবৰ্জনাৰ নৰ্দমা যেন
দেখিলেই বিতৃষžা বিভৎস, নাক কোচ খায়
সেইবোৰে সমাজৰ পুষ্টি নোযোগায়,
উব্বৰ মনৰ ধাউতি নবঢ়ায়।
খবৰ দিওতা, সাংবাদিক, সম্পাদক
সকলোৱে মিলি
আজিৰ দিনত মোক আৰু ৰাইজক
একোখন ভাল খবৰ কাগজ দিয়া
যি সমাজৰ উন্নতিৰ কথা জনাব পাৰে
খবৰ দিব পাৰে মেধা আৰু প্ৰজ্ঞাৰ সৃষ্টিৰে
আলোকিত কৰিব পাৰে, সমাজ গঢ়িব পাৰে
অবিৰাম প্ৰতিদিনে, নিয়মীত ভাবে।
সমাজৰ সকলো স্তৰৰ পাঠকে পঢ়িব
মনত ৰাখিব খবৰৰ মূল্য মান। 
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +