পৰিস্কাৰ পৰিচ্ছন্ন এটা সুৰক্ষিত আবাস দিয়া
মোক শুবলৈ দীঘল সময় দিয়া
পৰ্যাপ্ত সুস্বাদু,
পৌস্তিক খাদ্য সম্ভাৰ দিয়া
মোক ইচ্ছামতে তৃপ্তিৰে খাবলৈ দিয়া
মই দীঘল সময় শুম
নাক ঘোৰ ঘোৰাই শুম।
মই ইচ্ছামতে খাম,
ভালতকৈ ভাল খাদ্য খাম
অৰ্হনিশে যেতিয়া সাৰে থাকো
গড, আল্লা বা ঈশ্বৰ
তোমাৰেই গুণ গাম
(সৰস্বতীৰ চালনাত আৱদ্ধ মোৰ কণ্ঠ, ব্ৰহ্মা, মোক কুম্ভকৰ্ণৰ বৰ দিয়া)