Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি

মোৰ প্ৰাৰ্থনা

পৰিস্কাৰ পৰিচ্ছন্ন এটা সুৰক্ষিত আবাস দিয়া
মোক শুবলৈ দীঘল সময় দিয়া
পৰ্যাপ্ত সুস্বাদু,
পৌস্তিক খাদ্য সম্ভাৰ দিয়া
মোক ইচ্ছামতে তৃপ্তিৰে খাবলৈ দিয়া
মই দীঘল সময় শুম
নাক ঘোৰ ঘোৰাই শুম।
মই ইচ্ছামতে খাম,
ভালতকৈ ভাল খাদ্য খাম
অৰ্হনিশে যেতিয়া সাৰে থাকো
গড, আল্লা বা ঈশ্বৰ
তোমাৰেই গুণ গাম
(সৰস্বতীৰ চালনাত আৱদ্ধ মোৰ কণ্ঠ,  ব্ৰহ্মা, মোক কুম্ভকৰ্ণৰ বৰ দিয়া)
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +