মোৰ দৰে বয়সীয়া বহুতৰে ভয়
ভয়, ভয়, ভয় মাথো ভয়
মনৰ ভয়, অন্তৰৰ ভয়, শৰীৰটোলৈ ভয়
মানুহলৈ ভয়, জীৱ-জন্তুলৈ ভয়
গছ উভালি পৰালৈ ভয়
ডাঙৰ বতাহ ধুমুহালৈ ভয়
ভূমিকম্পলৈ ভয়
প্ৰাকৃতিক দুৰ্যোগলৈ ভয়, নদীৰ বানৰ বাবে ভয়
বাৰিষালৈ ভয়, চহৰৰ কৃত্ৰিম বানলৈ ভয়
বেমাৰ আজাৰলৈ ভয়, বীজাণু, কীটানু বোৰলৈ ভয়
ম'হবোৰে কামুৰি নানা নতুন ৰোগ বিয়পোৱাৰ ভয়
ৰাস্তাত হুৰমুৰাই অহা বাইক বোৰলৈ ভয়
লানি নিচিগা গাড়ীবোৰলৈ ভয়
হেণ্ডিমেন, ড্ৰাইভাৰ বোৰলৈ ভয়
জেপকাটা বোৰলে ভয়, সহ যাত্ৰীলৈ ভয়
চোৰলৈ ভয়, ডকাইতলৈ ভয়
প্ৰেমিকলৈ ভয়, প্ৰেমিকালৈ ভয়
পুৰণা সম্বন্ধলৈ ভয়, নতুন সম্বন্ধলৈ ভয়
সত্য কথা কবলৈ ভয়, কথা কবলৈকে ভয়
বিদু্যতলৈ ভয়, বিদু্যতৰ নিৰিখলৈ ভয়
মূল্য বৃদ্ধিলৈ ভয়, মূল্য মান হ্ৰাস হোৱালৈ ভয়
মাটি কিনিবলৈ, ঘৰ বনাবলৈ ভয়
চালত বা চাঁদত উঠিবলৈ ভয়
চিৰিত বগাবলৈ ভয়, লিফটত উঠা নমালৈ ভয়
ন্যায় পালিকÍলৈ ভয়
ন্যায়ালয়ৰ কাঠগঢ়ালৈ ভয়
অকলশৰে থকা অৱস্থালৈ ভয়
সমূহীয়াকৈ থাকিবলৈ ভয়।
বিয়া নোহোৱাৰ ভয়, বিয়া কৰোৱাৰ ভয়
পতিৰ পত্নীলৈ ভয়, পত্নীৰ পতিলৈ ভয়
নিজৰ ল'ৰা-ছোৱালীলৈও ভয়
জোঁৱাই আৰু তেওঁৰ সম্বন্ধীয় মানুহলৈ ভয়
বোৱাৰীলৈ ভয়, তেওঁৰ মাক-দেউতাকলৈ ভয়
গাড়ী-জাহাজত উঠিবলৈ ভয়
বিচনাত শুবলৈ ভয়
খোজকাঢ়ি ৰাস্তাত যাবলৈ ভয়
খাবলৈ ভয় মাছ-মাংস, শাক-পাচলি খাবলৈ ভয়।
ফেশ্যন প্ৰিয় মদাৰ্ণ মেদাম বোৰলৈ ভয়
চৰকাৰলৈ ভয়, পুলিছলৈ ভয়
ৰাজনৈতিক পাৰ্টিবোৰলৈ ভয়
ৰামলৈ ভয় - ৰহিমলৈ ভয়, উৎসৱবোৰলৈ ভয়।
ৰাসায়নিক অস্ত্ৰলৈ ভয় ‘দোৱাৰ্ফ বয়' টোলৈ ভয়
গেছ, খাৰ, বাৰুদলৈ ভয়
বোমালে ভয়, আত্মঘাটি বোমাৰুলৈ ভয়
কলম-কেমেৰালৈ ভয়, সমালোচক-পাঠকলৈ ভয়
তেনে ভয় নাই ক'ত?
ভয় ভাল কিছুমান ভয় ভাল, সেই ভয়ে আমাক গঢ়ে।
ভক্তিৰে নামান্তৰ হয় সেই ভয়
কিছুমান বেক্টেৰীয়াও ভাল, পুষ্টি সাধনত সহায়ক হয়।
কিছুমান বৰ বেয়া ভয়, অহৈতুক শংকা ভয় সেইবোৰে আমাক পঙ্গু কৰে
ভয় কৰিবা সিহঁতক আৰু সিহঁতৰ কাৰ্য্যকো
যি কামুৰিব পাৰে, যি আচুৰিব পাৰে
আৰু যি উচতাই মৰ সাহ দিব পাৰে।
সদায় ভয় কৰিবা
নিজৰ বেয়া কামৰ বাবে।
ভয় কৰিবা, বয়সত সৰুবোৰলৈ আৰু
অনাগত ভৱিষ্যতৰ বংশধৰলৈ
আৰু অতিকৈও বেছি অপৰিস্কাৰ পৰিবেশলৈ
ভয় হোৱা ভাল, ভগৱানৰ প্ৰতি
শিক্ষকৰ প্ৰতি আৰু বিশিষ্ট সন্মানিত
ব্যক্তি সকলৰ প্ৰতি
সেই ভয়ে, আমাক শিক্ষা দিব পাৰে
সজ পথত থাকিবলৈ
ভয় হোৱা ভাল নিজ পিতৃ-মাতৃৰ প্ৰতি
সেই ভয় ভক্তি সমাৰ্থক আদৰ আপোন।