Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

স্বপ্নদ্ৰষ্টা মহাপুৰুষৰ মহাপ্ৰয়ান

দেশক ভালপোৱা, জ্ঞানীজনক ভালপোৱা
সমূহ নতুন প্ৰজন্মক ভালপোৱা
মহাজ্ঞানী প্ৰজ্ঞা মানুহজন
ড০ এ.পি.জে. আব্দুল কালাম
তেওঁ যেন জনতাৰ মাজৰ পৰা
আকাশ ভালপোৱা মানুহজন
উজ্জ্বলতাৰ ফিৰিঙ্গতি যেন হৈ
সেঁা শৰীৰে স্বৰ্গলৈ গতি কৰিলে।
২৭ জুলাই সোমবাৰ ইং ২০১৫ চন।
শ্বিলঙৰ আই আই এম কলেজত
দিনৰ পোহৰত ভাষণৰত অৱস্থাতে তেওঁ গ'লগৈ
 
কফিনত উজলিল ভাৰতৰ ত্ৰিৰঙ্গা পতাকা
সম্পূৰ্ণ ৰাষ্ট্ৰীয় সামৰিক মৰ্য্যদাৰে শেষ শ্ৰদ্ধা
বিদায় পৰত উপস্থিত হ'ল ভাৰতৰ ৰাষ্ট্ৰপতি
প্ৰধান মন্ত্ৰী আৰু তিনিও সেনাপ্ৰধান
নতুন দিল্লীৰ পালাম বিমান বন্দৰত।
এদিন পাছতে পূণ্যভূমি জন্মভূমি ৰামেশ্বৰমত
জনাজাৰে বিলীন হ'ল কৰ্মযোগীজন।
 
তেওঁ হ'ল ভাৰতৰ মহান বৈজ্ঞানিক, তেওঁৰ অৱদান অপূৰ্ব
ভাৰতৰ ৰাষ্ট্ৰপতি হৈ ভাৰতবাসীক দিয়া আদৰ্শ অপূৰ্ব
লিখনিৰ যোগে নতুন প্ৰজন্মৰ বাবে দি যোৱা
প্ৰতিশাৰী বাক্য তেজোদিপ্ত, যেন অঙঠাৰ উত্তাপ, অপূৰ্ব
উৎসাহ আৰু প্ৰমূল্যৰ সৰ্বদিশে যোগাত্মক ভাষণ
আৰু কৰ্মৰাজী অপূৰ্ব।
তেওঁৱেই আছিল ভাৰতৰ মিচাইলমেন
তেওঁৱেই আছিল বেলিষ্টিক মিচাইল আৰু এচ এল ভি ১ সঞ্চালক
পোখাৰানত খুটি পুতি দিলে পৰমাণু শক্তিধৰ দেশৰূপে
গৰ্বিত কৰি ভাৰতৰ নতুন শক্তিক
ইতিহাসৰ নতুন অধ্যায় ৰচি দি গ'ল যুৱশক্তিৰ বাবে
ভাৰতৰ উন্নয়নৰ নতুন সপোন।
 
তেওঁৰ ৰ'বলৈ সময় নাছিল হাতত
২০২০ চনলৈ ভাৰতক গঢ় দিয়াৰ
যি মহান স্বপ® মিশ্বন ২০২০ চাই যাবলৈ সময় নহ'ল।
জীৱনত ভ্ৰূক্ষেপ নহ'ল বা সময় নহ'ল
প্ৰেম বিবাহ বা তেনে কিবা সংসাৰ কৰাৰ বাবে সময় নহ'ল।
তথাপি আকাশৰ বিশালতাক ভালপোৱা
মানৱ জাতিৰ প্ৰতি ভালপোৱা
জীৱন উপযোগী পৃথিৱীখনৰ বাবে ভালপোৱা
সকলোৰে প্ৰতি ভালপোৱা সিচি জীৱন উৎসৰ্গী গ'ল।
 
কৰ্মই আছিল মহান ধৰ্ম্ম
জীৱনত মাত্ৰ দুদিন কৰ্ম বিৰতি ল'লে
সিও মাথো পিতৃ বিয়োগৰ দিনা আৰু
এদিন মাতৃ বিয়োগৰ বাবে।
আগতীয়াকৈ কৈ গ'ল
মোৰ মৃত্যু উপলক্ষে বন্ধ নলবা
এদিন বেছিকৈহে কাম কৰিবা
কেনে আদৰ্শৰ কৰ্মযোগী তেওঁ!
অজুন, তেওঁৱেই দি যোৱা নাম, এজোপা বৃহৎ বৃক্ষ
যেন উচুপিলে সেই অজুনেও পুত্ৰসম কালামৰ বাবে
পৃথিৱীৰ নামোজ্জলা সকলো নেতাই দুখ কৰিলে
তেওঁৰ বিয়োগত লাখ লাখ জনতাই নিজৰ
আপোনযেন মানুহজনক হেৰুৱাই অশ্ৰু টুকিলে।
 
তোমাক আমি চিনি পাইছিলো
তোমাৰ কেশসজ্জা আৰু দাড়ী নৰখা নিমজ মুখখন
আমাৰ অতিকে চিনাকী আপোন
আমি অভ্যস্ত হৈছিলো, তোমাৰ ঐকান্তিক ব্যস্ততাত
আৰু তোমাৰ মৰম পৰষা দৃঢ় মাতষাৰত।
ভাৰতৰ ইতিহাসে তোমাক মনত ৰাখিব
প্ৰতিজন ভাৰতীয়ই তোমাক শ্ৰদ্ধাৰে সুৱৰি থাকিব
প্ৰতিটো শিশুৱে তোমাৰ প্ৰতিচ্ছবিত
প্ৰতিবছৰে ভক্তিৰে ফুলৰ মালা পিন্ধাব
১৫ অক্টোবৰ দিনটোত
তোমাৰ আদৰ্শ বাণীৰে উদ্বুদ্ধ হ'ব যুগে যুগে
বিশ্বৰ বিদ্যাৰ্থীৰ কোমল মন। 
 
(পুনশ্চঃ- ভাৰতৰ একাদশতম ৰাষ্ট্ৰপতি ২০০২ ১ পৰা ২০০৭ লৈ ১৯৯৭ চনত ভাৰতৰত্ন উপাধি অৰ্জন জীৱন কাল ১৯৩১ চনৰ ১৫ অক্টোবৰত তামিল নাডুৰ ৰামেশ্বৰমত জন্ম, মৃত্যু ২০১৫ চনৰ ২৭ জুলাই শ্বিলঙত। তেওঁৰ ৭৯ জন্ম দিনৰ পৰা ১৫ অক্টোবৰ দিনটো ৰাষ্ট্ৰসংঘই ‘‘বিশ্ব বিদ্যাৰ্থী দিৱস'' হিচাবে বিশ্ববাসীৰ বাবে ঘোষণা কৰিলে।)
সম্পূৰ্ণ নামঃ আবুলপকিৰ জয়নুলাবদিন আব্দুল কালাম।
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +