আহ! কি সুন্দৰ তেওঁৰ সপোন ‘‘ভূমিস্বত্ত্ব দান''।
কৃষকক ভূমি বিলাই দিয়াৰ সপোন
২৫০ বিঘা মাটি পৈতৃক সম্পত্তি
‘হাল যাৰ মাটি তাৰ' বুলি বিলাই দিব পৰা
মহান পুৰুষ বিষ্ণু প্ৰসাদ ৰাভা।
কি সুন্দৰ আদৰ্শ তোমাৰ ভূমিস্বত্ব দান।
আহ! কি নিভাজ চেনেহ তেওঁৰ!
তেজ বিৰিঙ্গা ওঁঠেৰে অসম মাতৃক দিয়া চুমাৰ পৰশ,
শঙ্কৰ মাধৱৰ ছবি তুলি ধৰা তেওঁৰ চানেকি তুলিকা,
সঙ্গীতৰ মূৰ্চনাৰে ৰজনজনাই তোলা অসমী আইৰ বৰ ভেটি।
আহ! কি বিপ্লৱৰ কাঠামো তেওঁৰ।
নিষ্পেষিত নিৰ্য্যাতিত ‘কৃষক মজদুৰ নজোৱান'
আৰু খাতিখোৱা জনতাক একগোট কৰি
আনিব খোজা বিপ্লৱ আৰু পৰিৱৰ্ত্তন,
তাৰবাবেই তেওঁ আহিছিল
পৰাধীন অভিক্ত ভাৰতৰ ঢাকা চহৰেদি
১৯০৯ চনৰ ৩১ জানুৱাৰীত সোণৰ চামুচ মুখত লৈ
শিক্ষাৰ আওতাত বিজ্ঞানক বাচি ল'লে
১৯২৯ চনতে বিজ্ঞানৰ প্ৰথম শ্ৰেণীৰ স্নাতক হোৱাৰ
সপোন পূৰ্ণ নহ'ল।
ৰাভা দেৱৰ স্বপ্ন আছিল খাতি স্বাধীনতা।
ভাৰতৰ লগতে অসমকো স্বাধীন কৰাৰ বাবে
স্বাধীন সংগ্ৰামৰ বিপ্লৱী যুঁজাৰু হৈও
শতাধিক কালজয়ী গীত ৰচিলা, গায়ক হ'লা।
নৃত্য শিল্পী গদ্যকাৰ হৈ
বিপ্লৱী সত্তাৰ মূৰ্ত্ত প্ৰতীক ৰূপে
তোমাৰ ‘তাণ্ডৱ' নৃত্যৰে মোহিত কৰিলা।
প্ৰত্যক্ষ কৰিলে ভাৰতৰ বিদ্বৎ সমাজে।
[কাশী হিন্দু বিশ্ব বিদ্যালয়ৰ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পৌৰাহিত্যত]
৬২ চনৰ ক'লা অধ্যায়, তুমি ম্ৰিয়মান, ত্ৰিৰঙ্গা মলিয়ন হ'ল
তুমি গুছি গ'লা জীৱন জোৰা সাধনা মঞ্চৰ পৰা, আজিৰ দিনত
২০ জুন ১৯৬৯ চন তেজপুৰ নগৰত
যেন নিজেই নিৰ্য্যাতিত, নিষ্পেষিত অসমৰ বীৰ যোদ্ধা হৈ।
নহওঁক যেন মাত্ৰ এটা দিনতেই তোমাৰ গুণানু কীৰ্ত্তন
‘ৰাভা দিৱস' টোৱেই আয়োজনৰ যেন সকলো শেষ।