স্বাধীন মনৰ, স্বনামধন্য অসমৰ, মহান শিল্পপতি
চাহ শিল্পৰ বুৎপত্তিৰে মহানুভৱ এজন আগৰণুৱা,
নখ দৰ্পনত যাৰ সদায় প্ৰস্তুত আছিল কাৰিকৰী জ্ঞানৰ আকৰ
সৰ্বজনৰ বাবে মাৰ্জিত ব্যৱহাৰ
কৰুণাভৰা উৎসাহ
তেৱেই আছিল যোৰহাটৰ চিনামৰা ক্লাৱ ৰ'ডৰ
চাহাবৰো চাহাব এইচ পি বৰুৱা
ভূপেন হাজৰিকা তেওঁৰ প্ৰিয় বন্ধু যেনে -
সকলো শিল্পীৰ মোল বুজা অলেখ বিদেশী বন্ধুৰে ভৰি থকা ঘৰ।
য'তেই ভাল লাগে ছবি, অলপকে চাই , কিনি লয়
সঁজাই ৰাখে যেন ঘৰখনেই এটা ডাঙৰ সংগ্ৰহালয়।
বৰুৱা চাহাবে দেশে-বিদেশে ঘনাই ঘুৰিছিল
কেৱল চাহেই নহয়, কলিকতাৰ চাহৰ দালালি বজাৰখনো দখল কৰিছিল।
লোৰ কোৰ কটাৰী, বাগানৰ বাবে কাৰখানা গঢ়িছিল
‘বৰুৱাজ এণ্ড এচ'চিয়েট'ৰ কিমানখন বাগান আছিল
জীৱিত কালতেই কিম্বদন্তি পুৰুষ হোৱা
তেওঁ অসমৰ প্ৰকৃত আদ্যৱন্ত ধ্বজাবাহী পুৰোধা ৰূপে
চানেকী হৈ ৰ'ব।
(৩১ জুলাই ২০১৩ চনত তেওঁ নশ্বৰ দেহ ত্যাগ কৰিছিল বিদেশত আৰু তাতে তেখেতৰ ইচ্ছা অনুসৰি শেষকৃত্য সমাধান কৰা হৈছিল)।