উধাৰতে পালো মই
দুটা দশকৰ দিন নিজলৈ।
দুটা দশকৰ দিন
কিতাপৰ ফাকে ফাকে সযতনে
সামৰি সুতৰি থলো
আনে নেদেখাকৈ কিতাপৰ মাজতে।
মই ধাৰে পোৱা বছৰৰ দিনবোৰ
পুৰণা কিতাপৰ মাজতে অচল হ'ল
দিক বিদিক হেৰুৱাই মই মাথো চিন্তা কৰিলো
কেনেকৈ ঘুৰাম মই
মোৰ ধাৰৰ দুটা দশকৰ দিন !
বাধ্য হৈ মই ওলাই আহিলো
ভাগ্য আৰু কষ্টৰে
ঘটিলো নিজৰ বাবে
দিনৰ পাছত দিন, বহুদিন
দশকৰ হিচাপে দিন
বহু দশক মোৰ জমা হৈ ৰ'ল।
মোৰ সাচতিয়া দিন
মইও ধাৰলৈ দিব পৰা হ'লো
মোৰ সজ্ঞানে দি আছো মোৰ দিনবোৰ
তাতেই মোৰ প্ৰেম·
ঘুৰাই বিচৰাটো নীতিহীন (?)
মইতো ঘুৰাই নিদিলো দুটা দশকৰ দিন
তেওঁলোকে নিবিচাৰিলে
মোক দিয়া উধাৰৰ দিন।
কাৰণ তেওঁলোকে মোক ভাল পাইছিল।
এনেদৰে মই ঘটা দিনবোৰো
তেওঁলোকৰ দিনবোৰৰ দৰেই
দিওঁতেই শেষ হ'ব
শেষ হ'ব এদিন মোৰ সমস্ত আৰ্জন
সংসাৰত এয়েই সত্য
এয়ে মোৰ সাৰ্থক জীৱন
তেনেদৰে চলি আছে উধাৰতে ত্ৰিভুৱন।