Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

পৰিভ্ৰমী মন

মোৰ সমুখৰ টেবুলত এটা গ্লোৱ
মই ঘূৰাই দিছো পৃথিৱীখন আনি মোৰ হাতত।
পৃথিৱী কঁপিছে , ঘূৰিছে
ৰাছিয়াৰ পৰা ওচৰৰ চীন দেশলৈ
এয়া চাৰ্কৰ দেশবোৰ,
ঘূৰি আহিছো দক্ষিণ পূৱ এছিয়াৰ মধ্যবিন্দু ভাৰতলৈ।
ভূ-গোলৰ পৰা বুৰঞ্জী বুটলিছো
ঘূৰি ফুৰিছো পৃথিৱীৰ পৰা আকাশলৈ
মানুহৰ আৰ্তনাদ শুনিছো সকলোতে
তাৰ মাজে মাজে পলাই ফুৰিছো, লেখিজুখি দেখিছো
উন্নয়নৰ দীঘল জখলা বগাই আহিছো।
ইয়াতেই চোন সকলো আগবাঢ়ি আছে
মাত্ৰ আগুৱাইছে!
প্ৰকৃতিৰ নিয়ম
দিনৰ পিছত দিন যায়, সকলো বাঢ়ি যায়
জনসংখ্যা কিমান যে বাঢ়িল
বাঢ়িছেনে পৃথিৱীৰ অবয়ব,
বাঢ়িছেনে পৃথিৱীৰ ওজন?
গ্লোৱটো আকৌ পিটিকি চালো
পানীবোৰ· পানীবোৰ কিমান পানী?
সুধিমনো কি ?  ল'ৰালিৰ ফৰিংজনীক ধৰি আনি
প্ৰতি বাৰিষাত অসমত কিমান পানী ?
 
ক'ৰপৰা কেনেকৈ আহি পালে
গোলকীকৰণৰ নিত্য নতুন ব্যৱস্থা
গ্ল'বেল ভিলেজ, গ্ল'বেল বিজনেছ খোপনি পুতিছে
গ্ল'বেল ৱাৰ্মিং, ক'ত কি যে
জিলিকি উঠিল মোৰ মনত শ্ৰীহৰিকোটা
পোখৰান, মিচাইল মেনৰ স্বপ্ন
ভাৰতৰ মঙ্গল গ্ৰহৰ যাত্ৰা
ক'ত কি যে ঘটি গ'ল ইয়াতে,
প্ৰস্তৰ যুগৰ পৰা বস্তু যুগলৈ
কৃষি বিপ্লৱৰ পৰা যোগাযোগৰ বিপ্লৱলৈ
বস্তু কণাৰ পৰা ঈশ্বৰ কণালৈ
ইয়াতে চোন উন্নয়নৰ জখলা বগাই আছো
মাত্ৰ আগুৱাইছো, পৃথিৱী ঘূৰি আছে নিজৰ মেৰুদণ্ডত
অহৰ্নিশে পৃথিৱীৰ লগত মোৰ পৰিভ্ৰমী মন।
 
আৰু  এক সুৰীয়া শব্দ ভাঁহি আহিল,
গ্লো'বটো এৰি, মই তুলি ল'লো মোৰ  হাতত স্মাৰ্টফোন।
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +