(১)
অসম খন যদি থাকিব লাগে
অসম বন্ধ থাকিবই
বছৰেকত ষাঠি দিন অসম বন্ধ থাকিব
প্ৰতি সোমবাৰে বন্ধ থাকিব
উজনি বন্ধ, নামনি বন্ধ, মধ্য অসম বন্ধ থাকিব
পথ অৱৰোধ হ'ব, বাছ গাড়ী জ্বলাব
মানুহো মৰিব, বলৎকাৰো হ'ব
দামিনী কাণ্ডৰ নায়কবোৰ ধৰা পৰিব
চোৰ ধৰা পৰিব,
ডকাইত বা দুবৃত্তই যাকে মন যায় গুলিয়াই দিব
উই চিৰিঙ্গাৰ দৰে মানুহবোৰ ওলাব
প্ৰতিবাদত সন্ত্ৰাস চলিব
আৰু তাৰপাছতো মানুহ মৰিব
মৰা মানুহৰ শ লৈ আকৌ প্ৰতিবাদ ‘বন্ধ' হ'ব।
(২)
অসম বন্ধৰ দিনত গাড়ী নচলিব
গৰুবোৰো পথাৰলৈ যাব নোৱাৰিব
হাতে হাতে পুত্তলিকা আৰু টায়াৰ জ্বলাব
ৰাস্তাতে দিয়া হ'ব প্ৰশিক্ষণ বন্ধ পালনৰ
মুখ্য মন্ত্ৰীৰ পুত্তলিকা সজাৰ বাবে মুখা অঁকা শিল্পীৰ প্ৰশিক্ষণ
পুত্তলিকা জ্বলোৱাৰ কিটি'প কায়দাৰ প্ৰশিক্ষণ
ৰাস্তাৰ মাজত হাট জোকাৰি গাব লাগিব
তেজ দি, প্ৰাণ দি হ'লেও বন্ধ পালিব লাগিব
‘পি পু উসো' মন্ত্ৰৰে উদ্বুদ্ব হৈ
কাৰো কোনো তলতীয়া নহৈ
অসম বন্ধ আহবান দিয়াৰ
জন্মস্বত্ব অধিকাৰ থাকিব লাগিব।
বন্ধৰ আহবান দিলেই হ'ব
খবৰ কাগজ, নিউজ চেনেলবোৰে হৈ চৈ কৰি
বন্ধবাজ সকললৈ প্ৰিতী দেখুৱাই
অসম বন্ধ নিজে নিজেই পালন কৰিব
প্ৰতি সোমবাৰে কেতিয়াবা গুৰুবাৰে।
(৩)
অসমত থকা সকলোকে যেন বন্ধ লাগে
বন্ধ, অসম বন্ধ বেছি হ'ব লাগে
জিলাই জিলাই , চহৰে চহৰে, গাৱে গাৱে
বন্ধ হ'ব লাগে, ৰাস্তাই ৰাস্তাই
প্ৰতিঘৰ মানুহৰ পদূলি মুখত বন্ধ লাগে
ৰাইজৰ বন্ধ ৰাইজৰ ৰাজপথত
আমাক সংগঠন আৰু সংগঠন লাগে
উমৈহতীয়া জাতীয় সংগঠন।
বন্ধ সংস্ক্তি জীয়াই ৰখাৰ বাবে
হাজাৰে হাজাৰে সংগঠন।
প্ৰতিটো জাতিৰ ৰাইজ সংগঠিত হওঁক
প্ৰতিখন গাওঁৰ ৰাইজ গোট গোট হওঁক
নিজৰ নহ'লে আনৰ পৰা পূঁজি সংগ্ৰহ কৰক
পাতত গজা সংগঠনৰ কঠিয়া পাৰক
পোকে খোৱা ইতিহাস বাদ দি
সংগঠনৰ নেতাৰ গুণানুকীৰ্ত্তন কৰক
ভেতিতে তিতা লাউৰ খেতি কৰক
মাউখে উজাই বন্ধ জীয়াই ৰাখক।
(৪)
ৰাজনৈতিক দলবোৰে নিজাকৈ বন্ধ দিয়ক
সমৰ্থন দিয়ক, ভাতৃ-ভগ্নী সংগঠনবোৰলৈ
বেলেগে বেলেগে বন্ধৰ আহবান দিয়ক
উগ্ৰপন্থীয়ে বন্ধ দিয়ক, চৰকাৰে বন্ধ দিয়ক
ব্যৱসায়িক সন্থাই বন্ধ দিয়ক
যাত্ৰীবাহি গাড়ীৰ মালিকে দিয়ক, চালকে দিয়ক চকা বন্ধ
চৰকাৰী হাস্পিতালৰ ডাক্তৰে বন্ধ দিয়ক।
অসমত থকা শ্মশান-কবৰস্তানবোৰেও
এদিনকৈ বন্ধ দিয়ক।
(৫)
বন্ধৰ আওতাতে, অৰ্দ্ব শতিকা পাৰ হৈ গ'ল
জহৰ দিনত, জাৰৰ দিনত
বাৰিষাৰ দোপাপিতা বৰষুণৰ মাজতো
বানপানী, গৰা খহনীয়া হৈ থাকিলেও
শৰতৰ শেৱালী ফুলাৰ বতৰতো
ফাগুনৰ পছোৱাৰ মাজতো, বন্ধ আমাৰ আকাশে বতাহে।
মোৰ আক্ষেপ
অৱৰোধ, বন্ধৰ কি বিকল্প নাই?
বন্ধৰ সময়ত দেশৰ নেতাবোৰ
বুদ্ধিজীৱী আৰু ভাল মানুহবোৰ
পলাই পত্ৰং দিয়াৰ বাদে, আন কি বিকল্প নাই!