Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

ধৰ্ষণকাৰীক সংহাৰ কৰা

আকাশত শৰবিদ্ধ ক্ৰৌঞ্চৰ ধপ-ধপনি দেখি
তোমাৰ সহ্য নহ'ল বাল্মিকী
ব্যাধক শাও পাত দিলে ‘মা নিষাদ প্ৰতিস্থানম'
ৰচি গ'লা ৰামায়ণ।
অমৰ কাব্য গ্ৰন্থৰ প্ৰেম কাহিনীৰ আদিতে
কালিদাস, তুমি কৈ গ'লা
'অস্তি কশ্বিদ বাকবিশেষ'
আজিৰ ভাৰতত আবিৰ্ভাৱ হ'ল
জ্যোতিৰ পুষ্ট ভণ্ড যোগীৰ
আৰু সিহঁতৰ ৰঙ্গশালত
জাকে জাকে নাবালকিাৰ ধৰ্ষণ, ক্ৰন্দন!
ধৰ্মৰ ধ্বজা বাহক সাজি
শাস্ত্ৰৰ পৰিভাষা সিহঁতে নিজেই সলায়
সিহঁতৰ বিভুক্ষিত যৌন আলিঙ্গন।
দীৰ্ঘজীৱিৰ মূলমন্ত্ৰ আৰু সংগোপনে
সম্ভোগৰ চাতুৰ্য্য।
সিহঁত শঠতাৰ শিয়াল পণ্ডিত।
সিহঁতক চিনিবৰ হ'ল।
হে মহিস মৰ্দিনী তুমি আকৌ ওলাই আহা
সকলো ধৰ্ষণকাৰীক সংহাৰ কৰা
নাবালিকা ভগ্নীবোৰক আশ্বাস দিয়া
এই ভাৰতত ভৱিষ্যতৰ বাবে লিখা হওঁক
বীৰঙ্গনাৰ নতুন কাহিনী
তেওঁলোক হওঁক দুহিতা আৰু ভগ্নী।
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +