কাৰ গাত বিহু নালাগে বিহুৰ বতৰত?
কোনে ভিতৰত সোমাই থাকে চ'তৰ শেষত!
শুনিলেই বিহু গীত নাচো নাচো লাগে
পিছৰ গীতাংশৰ বাবে খাপ পাতি মন দি
বিহুগীত কোনেনো নুশুনে?
পৰদেশত থাকিলে অসমীয়াৰ বিহু বেছিকৈ লাগে
লগে ভাগে জলপান, তালিকাত পিঠা-পনা, চিৰা-মুৰি, হুৰুম আখৈ
বহু দূৰৰ পৰা হ'লেও আমদানি- ৰপ্তানি হয় ইঘৰৰ পৰা সিঘৰলৈ।
গৰু বিহুৰ বাবে বতাহী চিলা উৰা দিয়ে, গাত নাই তত
গৰু ধুৱাব ক'ত ? ক'ত তৰা পঘা, মাখিয়তীৰ ঠাল
‘কেৰেলা খা, বেঙেনা খা, বছৰি বছৰি বাঢ়ি যা', কৰিবগৈ ক'ত?
মানুহৰ সাত বিহু , জেং বিহু, ফাৎ বিহু
ৰঙালী বিহুটিৰ কিমানটা নাম
কিমানবিধ বন শাক নিজ বাৰীত পাম?
বিহুৱান গামোছাৰে বিহুৰ ওলগ
পূজ্যজন পিতা-মাতাক সেৱা সৎকাৰ
থমাদৈৰ জলপানত ঢেকীয়ালৰ গুড়
গুৰুজনাৰ পদপংক্তিৰে হুচৰিৰ সুৰ
আৰু ৰাইজৰ কুশলৰ অৰ্থে আশীৰ্বাদ, অৰিহণাৰ জোৰ।
পেঁপাৰ সুৰত, ঢোলৰ চাপৰত, বাঁহৰ টকাত
আৰু খুটি তাল হাত চাপৰিত
ৰচকী নাচনী ৰবকে নোৱাৰে গগণা বজাই
আগবাঢ়ি আহে , থমকি থমকি নাচে, যিহে কঁকালৰ ভাজ
বিহুগীতৰ জাউৰী থমকিবই নোখোজে
ডেকাহঁতৰ চলাহী মাত।
জাক জাক নাচনী জাকি মৰালহৰে এবাৰ কাষলৈ
এবাৰ মঞ্চৰ মাজলৈ
যেন উৰি থকা পখিলাৰ জাক।
ঘৰলৈ জীয়ৰী আহিল, বোৱাৰী বিহুত ঘৰলৈ গ'ল
দিনবোৰ আলহীৰে ভৰি পৰিল।
চাউলমুঠি ধৰিবলৈ আহৰি নোলায়
ল'ৰা-ছোৱালী ডেকাহঁতৰ বিহু গাই গাই!
তেনেকৈয়ে বিহু গাই থাক
ঘৰে ঘৰে বিহু খাই থাক
বিহু থকালৈকে বিহুৱেই খা, বিহুৱেই নাচ
‘বিহু গ'লে বিনাবি কাক'?
পুনশ্চঃ
আমাৰ ‘বাপতি সাহোন' বিহু
তাকে নাপাতি কেনেকৈ থাকো?
বিহুত আমাৰ আহৰি নাই
সৰ্বত্ৰে বিহুৰ ওলগ, আদৰণি সভা
বিহুবলিয়া হয় ৰাইজ
নামী দামী শিল্পীয়ে বিহু মঞ্চ উতলাই
ৰাতি ৰাতি বিহুগীত গায়।
বিহুত অসমত ক'তো বন্ধ নহয়, দিন বা ৰাতি
বিহুত ক'তো আন্দোলন নহয়, নহয় বাজেট ঘাটি।
বিহুৰ বাবেইচোন বৰদৈচিলাও মাকৰ ঘৰলৈ হুৰমূৰাই আহে
তামোল গছ জোকাৰি গোটাই দিয়েহি তামোল-পাণ
ৰাইজৰ বাবে শৰাই ভৰাই
ৰাইজ সকলোটি কুশলে থাক।