Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

তৰা আৰু জোন

আউসীৰ আন্ধাৰত তৰাবোৰ বেছিকৈ জ্বলিছে
নিচেই কাষতে নিলিমাৰ কপৌজনী, মোৰ প্ৰিয়াই
বাগৰ সলাইছে
আজলিজনীৰ মুখত আজি জোনাক দেখা নাই।
জোনৰ কলাবোৰ বাঢ়ি যায়, কমি কমি শেষ হয়
এনেকৈয়ে জোনাকৰ বগাবোৰ আহে আৰু যায়
প্ৰগল্ভতাৰ নিদৰ্শন আউসীৰ ৰঙ্গমঞ্চত, কেৱল তৰাবোৰ।
মোৰ সতে আজি নিলিমাৰ কপৌজনী নাই।
 
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +