Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

গুৱাহাটীৰ কলিয়া ডাৱৰ

নীৰদৰ ঘন কলা আকাশ চানি অহাৰ আগতে
হুৰ মুৰাই সকলো যাব লাগিব ঘৰলৈ
নহ'লে যাঁনযত, লৰা-ঢপৰা, পদপৃষ্ট হৈ 
মেন হ'লৰ ভিতৰত শেষ।
বতৰ বিজ্ঞানীয়ে দিয়া সুঁচি পত্ৰ, বৰষুণ আহিব!
যেতিয়া আহে বৰকৈয়ে আহে
এতিয়া বৰষাৰ ৰূপ লাৱণ্য চোৱাৰ সময় নাই
ঘৰৰ মাজৰ ঘৰ, ৰাষ্টাৰ মাজৰ ঘৰ
ঘৰত পানী, তলত পানী, ওপৰে পানী
বিজুলীবাতিৰ, খোৱা পানীৰ হাহাকাৰ
কিয় আহিছিলো গুৱাহাটী চহৰলৈ
গাঁৱেইচোন আছিল বেছি ভাল।
গুৱাহাটীৰ ৰাস্তাবোৰ নহ'ল আহল বহল
মন্ত্ৰী মহোদয়ে সাঙ্গো পাঙ্গো নোহোৱাকৈ নকৰে ভ্ৰমণ
পুলিচ আৰক্ষীৰ বাহিনীৰ কনভয় দেখিলেই
মনত পৰেচোন আকাশৰ কলিয়া মেঘলৈ
কাকো ৰুধিব নোৱাৰি, অহাটো আহিবই
অগাভেটা কৰিলে খুন্দিয়াই বা ডুবাই মাৰিবই!
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +