Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

শব্দ আৰু কোলাহল

(১)
শব্দও কি বিভৎস হ'ব পাৰে!
বুঢ়া বয়সৰ নেৰা নেপেৰা কাহৰ শব্দ
বেমাৰীৰ মাৰ নোযোৱা কেঁকনিৰ শব্দ
তীব্ৰ গতিত যোৱা দুখন বাহনৰ মুখা-মুখি খুন্দাৰ শব্দ
বোমা ফুটাৰ শব্দ, আতঙ্কিত জনতাৰ হৈ-চৈ, ক্ৰন্দন!
সৰু সৰু শব্দও কি বিভৎস হ'ব পাৰে!
মহৰ কোনকোননি, সাপৰ ফোচ-ফোচনি
মাজনিশা নিয়ঁতিৰ নিউ নিউ
নদীৰ গৰা খহনীয়াৰ শব্দ
চিগা মথাউৰিৰে সোমাই অহা বানপানীৰ হুৰমুৰ শব্দ
আৰু মানুহৰ আৰ্তনাদ, আস্ফালন
যেন টুকুৰা টুকুৰিকৈ কামিহাড় ভঙাৰ শব্দহে!
শেষ হৈ যাওক সেই শব্দবোৰ, বিভিষিকাৰ শব্দ
আতংকৰ শব্দ নোহোৱা হওক।
শব্দ হ'ব পাৰে আকাংক্ষিত, মধুৰতম
ৰাগিনীৰ ছন্দ যেন কেঁচুৱাৰ প্ৰথম ক্ৰন্দন,
পূজাৰ বেদীত পূজাৰীৰ শঙ্খ ধ্বনি
হাই-উৰুমি ব্যস্ততাৰ ঢাক ঢোল
নামঘৰীয়াৰ দবা, নামৰ ভো-তাল
বিহুৰ হুচৰি, কিৰিলি আৰু বিহু নাম
কোনো খেলা জিকি অহা উল্লাসৰ জয়ধ্বনি
বাদ্যৰ মূচ্ছনা, ঝংকাৰ, নাটকৰ মূৰ্ত্ত সংলাপ
শিশুহঁতৰ মুখত প্ৰাকৃতিক অনুকৰণ
ৰিমঝিম বৃষ্টিৰ শব্দ, কুলি-কেতেকী বিহঙ্গৰ মিঠা-মাত
প্ৰিয়জনৰ আলাপ, দূৰভাষে শুনিবলৈ অপেক্ষাৰত
বিদেশত থিতাপি লোৱা পুত্ৰ বা দুহিতাৰ
ক্ষণিকৰ মাত কথা।
এনেবোৰ শব্দহে কাম্য যেন শব্দ ব্ৰহ্ম! 
 
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +