(১)
পত্নীয়ে যেতিয়া কোনো কথাতেই মোক
বিস্বাস নকৰা হয়,
মই বিচাৰো ভগৱানক
ভগৱান ক'ত·
ব্ৰহ্মা লজ্জানত, মৃত প্ৰায়।
(২)
বিস্বাস গভীৰ বোৱতী গঙ্গাৰ জল হ'ব পাৰে
বিস্বাস অতি তৰল গতি হ'ব পাৰে
আলফুলে আনিলেও সৰকি যাব পাৰে
তাতে যেন নিজকে ধুই নিকা কৰা
আৰু নিকা হৈ থকাৰ বাসনা
ক'ত সাধনা, ক'ত নিব্বাক যান্ত্ৰণা !
(৩)
সচা কথা, মই, তুমি সকলোৱে পাৰ্থিৱ সত্ত্বা
য'ত ভগৱানো, বিশ্বাসৰ পাত্ৰ নহয়।
‘বেৰত জেঠিয়ে টিক টিকাই ’ নিজে সৰি পৰে
আকৌ বেৰত বগাই উঠে।
নিলাজী বনৰ দৰে, মায়া যেন
নিজক সতেজ কৰা কায়দাৰে
পৌনঃ পৌনিক বিশ্বাস ঘুৰাই লওঁ।
ভগৱানো ঘুৰি আহে পাৰ্থিৱ সত্বাৰে, মোৰ কাষলৈ,
তেওঁ যেতিয়া মোৰ লগত থাকি,
সযতনে আকৌ
ওমলাৰ খেল আৰম্ভ কৰে !
(৪)
সেয়াও হ'ব পাৰে
নহ'লে নোহোৱা এটি বিভ্ৰাত।
অন্ধ হৈ বিস্বাসে গঢ় ল'ব পাৰে
ভগৱানৰ অলেখ জপ-তপ
অন্ধ বিস্বাসৰ আদিপাঠ, এটি ঠুনপাকি বিভ্ৰাত,
যুক্তিৰ হেঙাৰ থাকিব পাৰে
যুক্তি নোহোৱাৰ আওভাও নোপোৱা
জীৱিত কালত মানুহৰ মাজৰ
পৰালি নপৰা মজাৰ খেল।
সেয়াও হ'ব পাৰে, শব্দৰ ফুলজাৰি যেন
বিশ্বাস, শ্ৰদ্ধা, আস্থা, ভৰষা
আৰু হ'ব পৰা আশাৰ একেখনি আস্তৰন।
(৫)
বিশ্বাস বৰ্ত্তি ৰয়, উমৈহতীয়া কাৰ্য্যৰ আধাৰত
ন'হলে হ'ব পাৰে পয়মাল, বিস্বাসঘাটৰ
অযথা বিস্বাসতো হয় পয়মাল
ভাপ হৈ উৰি যাব পাৰে অগাধ বিস্বাস ক্ষণিকতে।
(৬)
বিশ্বাসে জীৱন গঢ়েনে ভাঙ্গে
বিস্বাস নিজৰ মানুহৰ ওপৰত কিমান প্ৰযোজ্য
তোমাৰ ওপৰত মোৰ যি অগাধ বিশ্বাস
তেনেহলে সেয়ে শান্তি
সেয়ে ধৰ্ম
বিশ্বাসে মিলয় হৰি'
বিশ্বাসতে বৰ্তে সুখৰ সংসাৰ।