Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

কেশ সজ্জা

ঘৰৰ পৰা কৰবালৈ ওলালেও ফণিখন বিচাৰো
মূৰটো বা কেনে আছে, আচুৰি সজাই লওঁ চুলিকোছা
চুলি আছে বাবেই কেশসজ্জা
চুলিত লগোৱা বাবে নানাবিধ তেল
তাৰোপৰি সেওতা ফালিমনে নাফালিম
বেণী নে খোপানে বামুণৰ টিকনি
নে ঘোঁৰাৰ নেজ? কেইডাল চুলি আগলৈ
নে দীঘল নে ছুটি নে বব কাটনে টকলা।
হায় সেইদিন, যেতিয়া বিধবাই খুৰাইছিল চুলিখিনি
লগুন লোৱা বামুটিয়ে আৰু বাপেক মাকৰ সৎকাৰৰ
চিনৰূপে এৰি দিয়া চুলিখিনি
বহুতৰ বাবে টুপী, কিছুৰ বাবে হেডকেপ আৰু উইগ।
চুলি নহ'লেও কৃত্ৰিম চুলি লগাব পাৰি।
কেশ সজ্জাৰে জিলিকি উঠা মুখ দেখিলেই চিনাকি
কিতাপৰ ছবিতে চিনাকি
আব্দুল কালাম, গেলিলিও বা আইনষ্টাইন
নহ'লে কণমানি কাষৰ ভন্টিজনী
দুডলীয়া বেণীৰে কেতিয়া ডাঙৰ হ'ল তাইৰ চুলিখিনি
সন্যাস যুগৰ পৰা আজিৰ পালাৰবোৰলৈ
ৰঙ্গ, ৰূপ আলপৈচান কেশ-বিন্যাসৰ
কত লুকিং গ্লাছ, প্ৰসাধন চাম্পু আদি চুলিৰ যতন
সকলোৰে ভয়, যদি চুলিখিনি নাইকীয়া হয়। 
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +