উৎসতে পোহৰ, পোহৰ উৎসৱ যেন মন
চাৰিওদিশে, অৰ্হনিশে কেৱল পোহৰ
কম বেছি পোহৰ
আন্ধাৰৰ মাজতো থাকে পোহৰ।
কম বেছি পৰিমাণে, ধনাত্মক বা ঋণাত্মক
মনৰ মাজতেই কেৱল পোহৰ।
দৃষ্টি নাথাকিলেও পোহৰ থাকে
উৎসতে পোহৰ, মনৰ পোহৰ।
পোহৰৰ উৎসৱ পাতো আহা
সমূহীয়া পোহৰৰ উজ্জ্বলতাৰে
নিজকো জিলিকাও আহা।