(১)
কেঁচুবোৰ বগাই যাব পাৰে লাহে লাহেকৈ
ঠেং ভৰি নাই , কোনো আক্ষেপ নাই
সিহঁত অন্যভাৱে সক্ষম বগাই থাকিবলৈ, গাতত সোমাবলৈ।
(২)
সাপবোৰ বগাই যায় হুৰমুৰকৈ
ঠেং ভৰি নাই বাবে দুঃখ ভোগ নাই
সকলোৰে ভয় সিহঁত কেনি আহে কেনি যায়?
(৩)
প্ৰজাপতি পখিলাৰ উৰাৰ আগতে চাৰিবাৰ জন্ম তাৰ জীৱন
চতুৰ্বীজ জীৱ, হয়তোবা জাতিস্মৰ সিহঁতবোৰেই
কৌটি কৌটি জীৱাণুৱে আনৰ শৰীৰকে নিজৰ কৰি লয়
বংশ বৃদ্ধি কৰে পৰজীৱি হৈ।
(৪)
ম'হৰ চকু নাই , উৰিফুৰে তিঘিল ঘিলাই
সাপৰ কাণ নাই গান শুনে ফণা তুলি মূৰ লৰাই।
বাদুলি উৰিব পাৰে, পাখি ঠেং নাই
খাবলৈ মুখ আছে বিষ্ঠা ছিদ্ৰ নাই
মানুহৰ পাখি নাই , চৰাই হৈ উৰিব নোৱাৰে
তথাপি ঘুৰি ফুৰে আকাশত নিজৰ বুদ্ধিতে আকাশী যানেৰে
(৫)
ঠেং ভৰি নোহোৱা জীৱৰ সীমা সংখ্যা নাই
তেনেহলে কিয় বাৰু, কাৰ আছে কাৰ নাই·
নাকত দুটা ফুটা সকলোৰে আছে
বতাহ লৈ জীয়াই থকাৰ বাবে সেই দুটাহে লাগে।