চৌদিশে মোৰ সময়
বিশ্চুৰিত, উত্তাল, জয়াল, দুব্বাৰ সময়
নিনাদ ভৰা অফুৰন্ত প্ৰবাহিত,
ক'ৰপৰা কোনেও নেজানে
কালকুট যেন গহবৰৰ পৰা
ধাৰ নিচিগাকৈ ধাৱমান হৈ আহিল মোৰ বাবে।
আৰু এই পাৰে মই
মোৰ বাবে নিগৰি আহিল,
নিৰ্বাক নস্প্ৰভ সময়।
মোৰ আবেগৰ দৰে
মোৰ সত্ত্বাৰ দৰে
মোৰ সৈতে গতিশীল
গতি বলয়ৰ মাজতে অবিৰাম যাত্ৰা।
গৈ থকাই ধৰ্ম, মোৰ সৈতে সময়ৰ ...
সময়, মোৰ ছাঁৰ দৰে থাকে।
মোৰ বাবে কেতিয়াবা বিশ্ৰাম লয়
ক্ষণিক, স্থবিৰ বা বিয়োগান্ত হৈ।
সময় মোৰ লগত ছাঁৰ দৰে থাকে
নিঃশব্দ, নীৰৱ, নিস্প্ৰভ হৈ।
মোৰ একমাত্ৰ আচুতিয়া নিজস্ব সম্পদ, সময়
সময়ৰ কাম, কামৰ সময়
হাতত থকা কামবোৰৰ বাবে সময় টুটি আহে।
সময় দীঘল হ'লে কামবোৰ বাঢ়ি যায়।
সময় মোৰ আচুটিয়া নিজস্ব সম্পদ...
সসাগৰা পৃথিৱীৰ সমস্ত সময়
মই বান্ধি লও প্ৰতিটো মুহুৰ্ত্ত।
সূৰ্য্যৰ সম্বন্ধৰে পৃথিৱীত জুখি লোৱা
খুদ খুদ সময়ক মানি চলো।
মোৰ মন আৰু শৰীৰ,
সকলোৱে মানি চলে।
গত্যন্তৰ নাই , কাৰণ
সময় উভতি নাহে , ময়ো নাহো।
হয়তো ৰৈ যাব, গতিশীলতা শিথিল হ'ব
কেতিয়াবা ৰৈ যাব,
বিমল মূহুৰ্ত্তবোৰ থমকি ৰ'ব।
সময় ডাঙৰ হয়, গহীন লাজুক হয়
সময় সজোৱা হয়, গহীন লাজুক হয়
কিনা যায়, বেচা যায়
ব্যঞ্জনৰ দৰে জীৱনত আনন্দ উল্লাস আনিবৰ বাবে
আটিল সময়, কঠিন সময়ো কোমল হৈ
জিকিমিকি দেউকা পিন্ধি, উৰি আহি
দুহাতত ধৰা দিয়ে ছাঁৰ দৰে মোৰ,
এই আজিৰ সময় ...
এয়াই সত্য,
বাহিৰত গতিশীল শব্দৰ উদ্যান
আৰু শব্দৰ লগত সময়ৰ সম্বন্ধ অটুত।
শব্দৰ গুলদষ্টাত সময় গাঠিলৈ
মোৰ সৈতে বিদ্যামান।
মোৰ বাবে নতুন, এই আজিৰ সময়
মোৰ সময়ৰ সৰ্বত্ৰ বিয়পি
ভৰি পৰি আছে
সুখকৰ কুশল-মঙ্গল, শান্তি-সূলভ
আৰু মোৰ বাবে, এধান মান
আমেজ ভৰা সুখ
আৰু মোৰ সুখৰ সময় ...