Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

শব্দৰ বিন্যাস

(১)
সঁচাও নহয় মিছাও নহয়
নিজে সজা নিজে ভঙ্গা, চাতুৰ্য্য
দলিয়াই দিয়া দাষ্টবিনলৈ
ননচেঞ্চবোৰ ফালি চিৰি পেলাই দিয়া।
 
(২)
নতুন শব্দৰ বিন্যাস
নতুন মুখৰ সন্যাস
ভেবা লাগি চাই আগুৱাই
সমদল পৰিৱৰ্তনৰ।
 
(৩)
নতুন শব্দৰ বিন্যাস
ওম সূৰ্য্যায়
নতুন শব্দৰ বিন্যাস
নমো 
নমামি ব্ৰহ্মপুত্ৰ
নমামি ভাৰত মাতা
নমামি বৰাক, ক'ত কিমান খৰছ?
কোনে দিব জ্ঞান বান্দৰক?
গছত বগোৱা বা কলখোৱা
সকলোতে নিজেই পাৰ্গত।
 
(৪)
লাঠিৰ কোব খাবলৈ শুই পৰা জনতাই জানে
বান্দৰে গছত বগাবই।
সূৰ্য্য উঠিব সৰ্বত্ৰ এদিন, উত্তাপো বাঢ়িব এদিন।
তেতিয়ালৈ কিমান দিন?
সূৰ্য্য উঠাৰ দৃশ্য মনোৰম!
সঁচাও নহয় মিছাওঁ নহয় বহুতৰ বাবে
সূৰ্য্য ডুবাৰ দৃশ্যও কৰুণ
অত্যুক্তি, সূৰ্য্য উঠাৰ দেশ
এই দেশতেই চলি আছে য'ত
নিজে সজা নিজে ভঙ্গা চাতুৰ্য্যৰে
যুধিষ্ঠিৰৰ পাশাখেল আৰু অহৰহ
বান্দৰে গছত বগোৱা
গছ জোকাৰা ক'লা।
 
(৫)
সকলোৰে হাতত সকলোৱে পাব মালা
মালা পিন্ধোৱা এটা সুযোগ
মালাতেই নদী গাথা হ'ব
মালাৰেই ৰাজআলি গাথা হ'ব
পৰিকল্পনা শেষ হলত নীতিয়ে সজ কাম কৰিব।
তেনেকৈয়ে কত শিল্পায়ন, কৃষি উন্নয়ন হ'ব
ভৱিষ্যত উজ্জ্বল, সঁচাও নহয় মিছাও নহয়চোন
 
(৬)
সঁচাও নহয়, মিছাও নহয়
প্ৰায়বোৰ পুৰুষেই দ্ৰবণীয়, কাৰোবাৰ বাবে গলি যায়।
প্ৰায়বোৰ বৃদ্ধ-বৃদ্ধাই হতাশাত ভোগে
তেওঁৰ মা মোৰ প্ৰিয় হলেও
মোৰ মা তেওঁৰ প্ৰিয় নহ'ব পাৰে
ব্যতিক্ৰম নোহোৱা নহয়।
সঁচাও নহয় মিছাও নহয়।
যেনে পানীত এৰিদিয়া বস্তুৰ ওজন হেৰাই
সংসাৰ গঢ়োতে মাথো তুমি আৰু মই
নিজৰ ওজন ঘুৰাই পাবলৈ
পাৰলৈ উঠিব লাগিব।
সংসাৰ গঢ়োতে মাথো তুমি আৰু মই
তেনেহলে কোনে কাক পাৰলৈ তুলিব?
ওজন বেছি হলেইচোন দৈৱাসন তল যাব! 
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +