Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

স্বাধীনতাকামী যুৱকৰ দল

স্বাধীনতাকামী যুৱকৰ দল সংঙ্গৱদ্ধ হ'ল
ৰাজঘৰৰ অন্যায় সহ্য নকৰিবলৈ প্ৰতিজ্ঞাৱদ্ধ হ'ল
তেওঁলোকে নিশাৰ পাহাৰ বগাবলৈ শিকিলে
নোদোকা নীলা শিয়ালৰ জাকৰ ভয়ত
হাবিত থাকিবলৈ গৈছিল আৰু বাৰে বাৰে চিকাৰ হৈছিল
মাণিক বিচাৰি ফুৰা সিহঁতে দেখিছিল
তেজৰ বৰষুণ, সতীৰ্থৰ
তেজৰ টোপাল নিজেও গায়ে মুৰে সানিছিল
লাহে লাহে তেওঁলোকে উৰিব শিকিছিল
যোৰ শালিকা হৈ
শেনচোৱা বৰুৱাৰ চোতালত আহি পাখি লহিয়াইছিল।
কুটিল সংসাৰত ভৰিও নিদিলে বহুজনে
কাউৰীৰ পোৱালিক টোপ খুউৱাৰ কৌশল নিশিকিলে
গ্ৰামাঞ্চলৰ হাজাৰ বিজাৰ জনে আদৰিলে
ফুল কুমলিয়া কপৌৰ বাহবোৰত
প্ৰতিপদে ভয়ৰ সঞ্চাৰ।
তথাপি আখলৰ চাউল চতিয়াই পুহিছিল
তেওঁলোক খনিকৰ হওঁক, দেশৰ প্ৰতিমা গঢ়ক
দেশমাতৃৰ বেদীৰ কাষে কাষে ইতিহাসে পোহাৰ মেলক
জয় আই অসম উজলি উঠক।
দেশ স্বাধীন হওঁক, সকলো শোষনকাৰী বিদেশী
দেশৰ বাহিৰ হৈ যাওক। 
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +