অসমৰ বুৰঞ্জীত থকা অসমীয়া মানুহবোৰ,
সাহিত্যৰ বাটকটিয়া অসমীয়া মানুহবোৰ,
অকৃত্ৰিম মেধা, প্ৰজ্ঞা আৰু নিজস্ব প্ৰতিভাৰে
দেশ-বিদেশৰ প্ৰান্তে প্ৰান্তে
জিলিকি ফুৰা অসমীয়া মানুহবোৰ;
কমি কমি প্ৰায় শেষ হ'ল
আজি বৰ বেছি নাই , থকাখিনি অলপহে
যেন এই শেষ, এই শেষ হৈ যায়।
তাহানিৰ আউনিআটীয় সত্ৰাধীকাৰে
‘ধৰ্মপ্ৰেছ’ গঢ়িছিল এই অসমতে।
ঘৰে ঘৰে চপা কৰা কীৰ্তন দশম ভাগৱত
সকলোৱে লগ হৈ পুৱা সন্ধ্যা দুই আধ্যা পঢ়িব পাৰিছিল।
বহুজন ধন্য লিখকে অসমীয়া সাহিত্য ৰচিছিল।
অৰুণোদই , বাঁহী, আমাৰ প্ৰতিনিধি
বৰদৈচিলা আৰু ক'ত কি!
ডাকযোগে সেইবোৰ গাঁৱে গাঁৱে কিনি পঢিছিল
আজি যেন সেইবোৰ নাই
অসমৰ গাঁৱে চহৰে এতিয়া পঢ়াৰ গতি স্তব্ধ হ'ল।
কণভেন্টত পঢ়ি-শুনি কণ কণ শিশুৱেও
অসমীয়া মাত কথা হেৰুৱাবৰ হ'ল।
গোহাঁইবৰুৱা, বেজবৰুৱা, ঢেকিয়াল ফুকনৰ লেখা,
পুৰণা কিতাপতে থাকি গ'ল।
অসমীয়া লিখকৰ কিতাপ,
পঢ়োতা বা কিনোতা নাইকীয়া হ'ল।
অসমত কেতিয়াও হিংসা নাছিল?
অসমীয়া মানুহবোৰে খেল, হাটি বান্ধি মাউথে থাকিছিল।
হাততে পোৱাকৈ হেংদান, হাবি কটা দীঘল দা
ডাং নিদিয়া ঘৰ, ঘৰে ঘৰে লোটা ঘটি
কাঁহি, বাতি, কাঁহৰ বাচনে সমৃদ্ধিৰ জুনুকা বজাইছিল
বিদেশী চোৰৰ উৎপাতত আজি থাপনাৰ ফুলপাহো চুৰি হ'ল
মেখেলা, ৰীহা চাদৰ, ধুতি গামোচা হেৰাই গ'ল
এড়ি মুগা পাতৰ পলু পখিলা, বগাই বা উৰি গ'ল।
আজি অসমীয়াৰ ‘ককাইদেউ’, ‘দদাইদেউ’ নাইকীয়া হ'ল
ডাঙৰীয়াৰ দোলাখন ভাঙ্গি গ'ল
অসমীয়া সমাজত ঢোল-খোলো হেৰাবৰ হ'ল।
কুঁহিয়াৰ খেতি কৰা অসমীয়া খেতিয়কৰ ঘৰ
গৰু মহে ভৰপূৰ, আছে নেকি অসমত আজি?
ডাঙৰীয়া কেনে আছে , কোনফালে যায়?
শইকীয়ানী, বৰুৱানী, হেৰি' নহয় এপাক আহিবচোন!
এতিয়া শুনিবনে ক'ৰবাত এনে শুৱলা মাত?
অসমত পঢ়াশালি, টোলৰ অভাৱ নাছিল,
দূৰণিবটিয়া বাট হ'লেও শিক্ষক ছাত্ৰৰ সম্বন্ধ আছিল।
ঘনিষ্ঠ, ওচৰৰ সম্বন্ধ,
নাছিল মেটমৰা ধনৰ খেলা।
বহুতৰপীয়া আন্দোলনৰ যহত,
আলোড়ন তুলি শিক্ষাৰ প্ৰসাৰ হ'ল।
স্থাপিত হ'ল বহু বিশ্ববিদ্যালয়।
বহুবোৰ বিদ্যালয়, সৰু মজলীয়া উচ্চৰ পৰা উচ্চতৰ
কাৰিকৰি বিদ্যালয়, মহাবিদ্যালয় আৰু
আধুনিক হিচাব কৰা মেচিনত
মগজু খোলাৰ প্ৰশিক্ষণ দিয়া হ'ল।
তাতে গঢ় ল'লে জাউৰিয়ে জাউৰিয়ে,
বিজ্ঞ, বিশেষজ্ঞৰ দল।
আগলৈ যায় নে পিছলৈ আহে
ঠেলা মাৰি বাকুহি খেদাই লগৰজনক।
আগবঢ়াই দিব পাৰে
যি আছে বাপতিসাহোনকণো, যাকে লাগে।
পিছে অসমীয়া ভাষাটোকেই অনাদৰ কৰি এৰি দিয়ে
যদি,
অসমীয়া জাতিটো ৰসাতলে যাব।
ভাষাৰ ভিত্তিত হোৱা অসম প্ৰদেশৰ নাম
কোনোৱে শিক্ষাৰ্থীয়ে মোহাৰি পেলাব।
সকলোৱে কয়, অসমীয়া মানুহে নিজৰ কাম হেলায়
সকলোতে ‘লাহে লাহে’ হয়
খোৱাটোটো লেহেম স্বভাৱ।
পিছে নিজে নাখাই জগতক ভোজ ভাত দিয়াজন
যদি ঘনে ঘনে ঠগ খাই যদিও উভতি নধৰে,
কথাই কথাই গৰ্বত ওফন্দি পৰে,
তেনেজন আজি ঘৰতে এলাগী
স্বদেশীয়ে দিয়া বিদেশীৰ ভাৰ সহি সহি।
তেনে অসমীয়া আজি মনৰ দুখীয়া নহৈ
মন বান্ধিবৰ হ'ল, নিজৰ চাৰিসীমাৰ সুৰক্ষাৰ বাবে
নিজৰ স্বভাৱ, সলাবৰ হ'ল।
নেৰিবা নেৰিবা অসমখন অদক্ষ, উদণ্ডৰ হাতত
সহ্য নকৰিবা অসমত জংঘলৰাজ কৰা,
বনানি আৰু বন্যজন্তু ধ্বংস কৰাসকলক
প্ৰতিবাদ সৰ্বস্ব চৰিত্ৰ আঁতৰাই
জাতিক পণ কৰা চলাহি নেতৃত্বক উফৰাই
আকৌ উজলাই তোলা হওঁক
শস্য শ্যামলা প্ৰকৃতিৰ ৰম্য ভূমি
অতুল অসমখন
অসমৰ বিচিত্ৰ ঐতিহ্য ৰক্ষাৰ কামৰ মাজেৰে।
সৰুৰ পৰা ডাঙৰলৈ, সকলোৱে মিলিজুলি
নিজভাৱে প্ৰতিজনে হাতে-কামে অসম গঢ়ক
সৰ্বৰে সমস্বৰে উজলি উঠক
মই অসমীয়া, আমি অসমীয়া
মাউখ বান্ধি থাকো সকলোটি, বৰ অসমত।
শষ্য শ্যামলা প্ৰকৃতিৰ ৰম্যভূমি
ইয়াতেই সকলোটি অসমীয়া জাতিষ্কাৰ হওঁ
আগে-ভাগে, আগৰ দৰে ইতিহাসৰ পাতে পাতে।
পুনশ্চঃ
অশেষ কষ্টৰে গঢ়া জাতীয় সংস্থাবোৰক
পুনৰ নিকাকৈ মুৰত তুলি লোৱা হওক
বিজ্ঞজনে বাট দেখুৱাওক সমাজক
গুৰু শংকৰে দি যোৱা পন্থাৰে
নামঘৰ সকলোটি এক হওক
ডেকাচাম, কিশোৰ কিশোৰীক
আগবঢ়াৰ সুবিধা দিয়া হওঁক
অসমৰ জাতীয় সঙ্গীত ‘অ-মোৰ আপোনাৰ দেশ’
বুকুত হাত দি গাওঁ সকলোৱে
‘জয় আই অসম’, আমি অসমীয়া।
ৰাভা, হাজৰিকাৰ গীতে মাতে এক হওঁক
সংকটত পৰা প্ৰজন্মৰ বৰ্হিগমন ৰোধ কৰি
আগবাঢ়ি যাওঁ আমি সকলোটি।
প্ৰতিখন নদীৰ পাৰে পাৰে
পৰ্বতে ভৈয়ামে খেতিৰ পথাৰ আৰু
মাটিৰ গৰাকি হওঁ
ভৰাই তোলো শষ্য সোণোৱালী ভঁৰাল
উজলি উঠক সকলোটি অসমীয়া
আৰু অতুল অসমখন
চিৰযুগমীয়া সেউজ হৈ।