Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

২০১৩ চনত কাৰ্বি পাহাৰ

পাহাৰত জুই, ঝুম খেতিৰ জুই নহয়
ঘৰ জ্বলোৱাৰ জুই!
পাহাৰত জুই
মৰা মানুহৰ সৎকাৰৰ জুই চিতা নহয়,
জীয়া মানুহ জীয়াই পুৰি মৰাৰ জুই!
কোনো ৰাজনৈতিক শক্তিৰ উত্থানৰ জুই নহয়
উলুৰ লগত বগৰি পোৰাৰ জুই!
হাত-ভৰি বান্ধি, দুৱাৰ ঘৰ মাৰি
কেঁচুৱা, মাক সকলোকে
শেষ কৰাৰ জুই , জাতি ধ্বংসৰ জুই!
উত্তাপৰ বাবে জুই নহয় গোটেই পাহাৰ
ছাই কৰি দিয়াৰ বাবে জুই
উই চিৰিঙ্গা পোৰা গ'লনে নাই?
কোনেও নকয় উই চিৰিঙ্গা ক'ত
আছে মাত্ৰ গোন্ধ
বঙ্গহ পোৰাৰ গোন্ধ!
মঙ্গহ পোৰাৰ গোন্ধ।
কোনে কাক জ্বলাই,
কোনে কাক মাৰে কোনো উৱাদিহ নাই। 
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +