আগৰ দিনত অসমত বগলীয়ে সভা পাতিছিল
কেতিয়াবা কোনোবা বগলী সবাহলৈ নগৈছিল।
ল'ৰা-ছোৱালীবোৰে উৰি যোৱা বগলীক সুধিছিল
“বগলী সবাহলৈ নগলি কিয় ?”
আজিকালি বগলী সবাহলৈ নাযায়।
“বগাকৈ বগলী বহলাই নবহে'”
“গোটেই শুকুৰবাৰ” টো পাৰৰ লগত
বাঁহৰ আগত বগলী বহি নাথাকে।
বগলীৰ সংগীবোৰ নাইকীয়া হ'ল,
ম'হৰ ঘূলিৰ ম'হবোৰ হেৰাল,
পানীৰ যুৱলিবোৰ শুকাই গ'ল,
বগলীয়ে সবাহ পাতে ক'ত?
কাগজৰ কলে বাঁহগছবোৰ খালে,
শুকুৰবাৰে বগলীবোৰ বহিব গৈ ক'ত?
“বগলী এ সবাহলৈ নগলি কিয়?
গৈছিলো গৈছিলো বাটত বৰষুণে পালে''
মিছা কথা নক'বি বগলী সঁচাকৈ সবাহলৈ আহিবি
ব্ৰহ্মপুত্ৰ খান্দি খান্দি লুইতৰ দুই পাৰে
দীঘল দীঘল ৰাজআলি পাৰি দিম
ইমূৰৰ পৰা সিমূৰলৈ শুভ্ৰতাৰে
“জিলিকাবি লুইতৰ পাৰ”
ফেৰি জাহাজৰ যাত্ৰীয়ে বগলীৰ সবাহ দেখিব
বগলী চাবলৈ বাৰে বাৰে ইয়ালৈ আহিব।
কবিয়ে কবিতা লিখে, বগলী কবিতাৰ স্তৱক নাই।
ৰঘুনাথ চৌধাৰীয়ে বগলী নেদেখিলে,
নীলিম কুমাৰ, অনুভৱ তুলসী, সমীৰ তাঁতীয়েও
স্বাধীন মনা বগলীক অগ্ৰাহ্য কৰিলে
পখিলাৰ গোন্ধ পোৱা হীৰু দাই
বগলীৰ বগা পাখি সৰি যোৱা নেদেখিলে
নাহৰ গছত বগলীৰ জাক দেখিও
জুবিনে বগলীৰ বাবে এটা সুৰীয়া গীত নাগালে
কাজিৰঙাৰ গঁড়ৰ পিঠিত উঠি ফুৰা বগলীৰ কি হ'ল
গঁড় নিধন কৰা চিকাৰীক কোনেও নুসুধিলে।