অফুৰন্ত মোৰ সময়
পুৱাৰ পৰা গধূলিলৈ
গধূলিৰ পৰা পুৱালৈ পুনশ্চ গতিৰে
জীৱনৰ আদিম দিনৰ পৰা আজিলৈ।
শৈশৱৰ ধেমালিৰ ওৰ নপৰা খেলবোৰ
কৈশোৰৰ বৰশীদাল
তেতিয়াৰ পৰা আজিলৈ নিঃশেষ হোৱা
কলম জাক
সময়ৰ জোখে জোখে ঠায়ে ঠায়ে ৰৈ গ'ল
মই কিন্তু অফুৰন্ত সময়ৰ সঙ্গী।
মোৰ সৈতে সময়ৰ সম্বন্ধ অটুত
মোৰ ছাঁৰ দৰে মোৰ লগত বিদ্যমান
যেন মোৰেই কথা কৈ থাকে
মোৰ বাবেই হাঁহে , মাতে
অনৰ্গল অফুৰন্ত
পুৱাৰ পৰা গধূলিলৈ
গধূলিৰ পৰা পুৱালৈ পুনশ্চ গতিৰে
(সবিতা ৰথেন দেৱো যাতি
ভূবনানি পশ্যন)