Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি

মোৰ সম্পত্তি

মোৰ কিছু সম্পত্তি লগত ৰাখিছো গুপুতে
গুপুতে গুপুতে মই কঢ়িয়াই ফুৰিছো
যেতিয়াই মই ঠাই সলাও এযেগাৰ পৰা আন এযেগালৈ
এটা ঘৰৰ পৰা আন এটা ঘৰলৈ
মই কঢ়িয়াই ফুৰিছো গুপুতে গুপুতে মোৰ সেই সমল।
কিছুমান টোকা কিছুমান লিখা
কিছুমান আলফুল আৱেগ ভৰা মোৰ কবিতা।
মোৰ সাহিত্য সম্ভাৰ এতিয়ালৈ কামত নলগা
মই সেইবোৰ লিখি পঢ়ি, সামৰি থৈছো
কাৰোবাক দেখাইছো, কিন্তু এৰি দিয়া নাই
মই গুপুতে ৰাখিছো যেন মোৰ এইয়া বৃহৎ সম্পদ।
এয়া কেৱল মোৰেই নে, মোৰ দৰে বহুতৰে
যাৰ আছে কিছুমান টোকা, কিছুমান লিখা,
কিছুমান জুকিয়াই ৰখা মনৰ আৱেগ
কঢ়িয়াই ফুৰে মোৰ দৰে গুপুতে গুপুতে
আচুতিয়া সম্পত্তি কামত লগা গুপ্ত ধন।
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +